নিউজ ডেস্ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ পৰা টাইকোৱাণ্ডোৰ ব্লেক বে’ল্ট সন্মান আঁতৰাই পেলাইছে বিশ্ব টাইকোৱাণ্ডো সংস্থাই।
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলাই অহা আক্ৰমণক গৰিহণা জনাই বিশ্ব টাইকোৱাণ্ডোয়ে কয় যে ইউক্ৰেইনৰ ‘নিৰ্দোষী লোকৰ’ ওপৰত ৰাছিয়াই চলাই থকা ‘বৰ্বৰ আক্ৰমণে’ সন্মান আৰু সহিষ্ণুতা আদি এই খেলৰ নীতিসমূহ উলংঘা কৰিছে।
উল্লেখযোগ্য যে বিশ্ব টাইকোৱাণ্ডোৱে ২০১৩ চনত ৰাষ্ট্ৰপতি পুটিনক ব্লেক বে’ল্ট ৯ দেন সন্মান প্ৰদান কৰিছিল।
ইয়াৰ পূৰ্বে যোৱা দেওবাৰে আন্তঃৰাষ্ট্ৰীয় জুডো ফেডাৰেশ্যনে পুটিনৰ অনাৰেৰী প্ৰেছিডেণ্ট আৰু এম্বেছাডৰ সন্মান বাতিল কৰিব বুলি উল্লেখ কৰিছিল। আনহাতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে ৰাছিয়াৰ জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ ওপৰত নিষেধাজ্ঞা আৰূপ কৰে।
ইয়াৰ উপৰি FIFA, UEFAআদি আন ক্ৰীড়া সংস্থাসমূহেও ৰাছিয়াৰ ৰাষ্ট্ৰীয় দল আৰু দেশখনৰ ক্লাবসমূহক প্ৰতিযোগিতাত অংশগ্ৰহণৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
লগতে পঢ়ক – শোণিতপুৰৰ জিলা চেছন ন্যায়াধীশে পাঁচজনক দিলে যাৱজ্জীৱন কাৰাদণ্ড