নিউজ ডেস্ক: ভোটাৰ পাৰ্টি ইন্টাৰনেচনেলে গুৱাহাটী চ’চলত ৭ মে’ৰ পৰা ৫ জুনলৈ প্ৰায় ৩০ দিনীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰিছে। এই ধৰ্মঘটত তেওঁলোকে কেইবাটাও দাবী উত্থাপন কৰিছে।

তেওঁলোকে উত্থাপন কৰা দাবীসমুহ হৈছে –

  • ভোটাৰশ্বিপ’ অধিকাৰৰ অধীনত নিবনুৱা আৰু আয়কৰ দাতা নোহোৱা প্রতিজন ভোটারক প্রতি মাহে ৮৪৩৫ টকাকৈ দিয়াৰ ব্যৱস্থা থাকিব লাগে। ১৩৭ জন সাংসদৰ দাবীত, এই প্ৰস্তাৱটো সংসদীয় দ্বীপক গোৱেল সমিতিয়ে ২ ডিচেম্বৰ ২০১১ চনতেই গ্ৰহণ কৰিছে।
  • অসম বিধান সভাই বান সমস্যাক “ৰাষ্ট্ৰীয় দুৰ্যোগ” হিচাপে ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰক। সকলো ভোটাৰক প্ৰতি মাহে ৮৪৩৫ টকা নিদিয়ালৈকে বানপীড়িত অঞ্চলসমূহ চিনাক্ত কৰক আৰু এপ্ৰিল মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈকে ছয় মাহৰ বাবে প্ৰতি মাহে ৮,০০০ টকাৰ ভোটাৰশিপ’ক পৰিমাণ এনে অঞ্চলৰ নাগৰিকসকলক পৰিশোধ কৰাৰ ব্যৱস্থা কৰক।
  • নির্বাচন ইভিএম মেচিনৰ দ্বাৰা ভোটদান বন্ধ কৰক আৰু বেলট পেপাৰৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰক, যাতে গণতন্ত্ৰৰ ওপৰত বিশ্বাস পুনৰুদ্ধাৰ হয়।
  • অৰুণোদয় যোজনাৰ পৰিমাণ প্ৰতি মাহে ১২৫০ টকাৰ পৰিবৰ্তে ৩০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰক, আৰু আয়ক’ৰ দাতা নোহোৱা সকলো পৰিয়ালক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা কৰক।

দাবী সমুহৰ উপৰিও তেওঁলোকে ইয়াৰ উপযোগিতা সমুহৰ বিষয়েও উল্লেখ কৰিছে –

  • বান সমস্যাক “ৰাষ্ট্ৰীয় দুৰ্যোগ” হিচাপে ঘোষণা কৰি, অসমৰ ৰাইজে বান-গঢ়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান লাভ কৰিব পাৰে। লগতে, জীৱন আৰু সম্পত্তিৰ বাবে সঠিক ক্ষতিপূৰণ প্ৰাপ্ত কৰিব পাৰি। কিয়নো যুগ যুগ ধৰি বানপানীৰ সমস্যাৰ সৈতে যুঁজি থকা সমাজখনে ৰাজ্য চৰকাৰৰ ঘোষণাৰ পাছতো উপযুক্ত ক্ষতিপূৰণ লাভ নকৰে। ৰাজ্য চৰকাৰে অকলে এই ক্ষতিপূৰণ পৰিশোধ কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে এই ক্ষমতা। সেয়েহে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি অসমৰ বান সমস্যাক “ৰাষ্ট্ৰীয় দুৰ্যোগ” হিচাপে ঘোষণা কৰা উচিত কিয়নো দুয়োটা একেটা দলৰ চৰকাৰ। যাৰদ্বাৰা বানপানীৰ সময়ত আৰু পিছত অসমবাসীয়ে তেওঁলোকৰ নিজৰ পুনসংস্থাপন কৰিব পাৰে।
  • অসম বিধানসভাই তৎক্ষনিকভাবে কেন্দ্ৰীয় চৰকাৰলৈ ‘ভোটাৰশ্বিপ’ৰ প্ৰস্তাৱ প্ৰেৰণ কৰা উচিত। কিয়নো ২০০৫-২০১১ বৰ্ষতেই, দেশৰ উৎপাদনত জনমুৰি আয়ৰ আধা অংশ পোনপটীয়াকৈ ভোটাৰসকলক দিয়াৰ বিষয়টো সংসদৰ দুয়োখন সদনত আলোচনা কৰা হৈছিল। ২০১১ চনৰ ২ ডিচেম্বৰ তাৰিখে, ১৩৭ জন সাংসদৰ দাবীত, সংসদীয় গোৱেল সমিতিয়ে ভোটাৰক অধিকাৰ দিয়াৰ পৰামৰ্শও দিছিল।

ভোটাৰ পাৰ্টি ইন্টাৰনেচনেলে অতীতৰ পৰা স্মাৰকপত্ৰৰ জৰিয়তে এই দাবীসমূহ উত্থাপন কৰি আহিছে। চৰকাৰে সেই স্মাৰকপত্ৰসমূহৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়েও তথ্য নিদিয়ে। সেয়েহে, দলটোৰ অসম গোটে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ একেৰাহে ৩০ দিন ধৰি গুৱাহাটীত এক সাংকেতিক আৰু শান্তিপূৰ্ণ অৱস্থান প্ৰতিবাদৰ কাৰ্যসূচী ৰূপায়ন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply