নিউজ ডেস্ক: অসম আৰক্ষীত বৃহৎ পৰিৱৰ্তনৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুৰাসক্ত আৰক্ষী বিষয়াক বিদায় জনাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

সুৰাসক্ত প্ৰায় ৩০০ অসম আৰক্ষীক শীঘ্ৰই প্ৰদান কৰা হ’ব স্বেচ্ছামূলক অৱসৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এই কথা জানিবলৈ দিয়ে।

ইতিমধ্যেই এইয়াৰ বাবে প্ৰক্তিয়াটো আৰম্ভ কৰা হৈছে আৰু খালী হোৱা পদ সমূহত সক্ৰিয় নতুন প্ৰজন্মক নিযুক্তি প্ৰদান কৰা হ’ব। যাৰ বাবে জিলা সমূহৰ উপায়ুক্তৰ সৈতে ৩ দিনীয়াকৈ বৈঠকত বহিব মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে।  

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, প্ৰায় ৩০০ জন বিষয়া জোৱানে নিয়মীয়াকৈ সুৰাপান কৰাৰ বাবে তেওঁলোকৰ শৰীৰ ক্ষতিগ্ৰস্থ হৈছে। চৰকাৰ ওচৰত তেওঁলোকক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰাৰ ব্যৱস্থা আছে। এইটো এটা পুৰণি নিয়ম, যিটোক আগতে আমি ব্যৱহাৰ কৰা নাছিলোঁ।

ইফালে শাসন ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ কৰাৰ বাবে অসমৰ ১২৬ টা সমষ্টি নিৰ্মাণ কৰা হ’ব ১২৬ টা উপায়ুক্তৰ সমকক্ষৰ কাৰ্যালয়। কাৰ্যালয় সমূহ দায়িত্ব ADC ৰ হাততে থাকিব সকলো কতৃত্ব।

লগতে পঢ়ক – কলকাতা আৰু উৰিষ্যাৰ বজাৰলৈ বোকাখাতৰ পৰা ১২০ মেট্ৰিক টন ৰঙালাউ প্ৰেৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply