নিউজ ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া ৱাগনাৰ গ্ৰুপৰ মুৰব্বীক হত্যা নতুবা জে’লত ৰখা হৈছে বুলি আমেৰিকান সেনাবাহিনীৰ প্ৰাক্তন জেনেৰেল ৰবাৰ্ট আব্রামছে আশংকা প্রকাশ কৰিছে। বাগনাৰ গ্ৰুপৰ মুৰব্বী য়েভগেনি প্রিগ’ঝিন বিদ্ৰোহৰ পাঁচ দিনৰ পিছত পুটিনক সাক্ষাৎ কৰিছিল।
জানিব পৰা অনুসৰি, প্রিগ’ঝিনে পুটিনৰ সৈতে প্ৰায় তিনি ঘণ্টীয়া বৈঠকত বহিছিল। উক্ত বৈঠকৰ পিছতেই , প্রিগ’ঝিনৰ খবৰ পোৱা দেখা যোৱা নাই।
সেইবাবে আমেৰিকান সেনাবাহিনীৰ প্ৰাক্তন জেনেৰেলে ৱাগনাৰ গ্ৰুপৰ মুৰব্বীক হত্যা নতুবা জে’লত ৰখা হৈছে বুলি আশংকা কৰিছে। মার্কিন সেনা জেনেৰেলজনৰ এই মন্তব্যৰ পিচতে ৰাছিয়াৰ প্রতিক্ষা মন্ত্ৰ্যালয়ে কয় যে, প্রিগ’ঝিনৰ ভেৰোণীয়া বাহিনীৰ ফালৰ পৰা অস্ত্ৰ-শস্ত্ৰ সমূহ ৰুছ সেনাৰ হাতত জমা দিয়াৰ কাম আৰম্ভ হৈছে।
লগতে পঢ়ক – আছুক ভূয়সী প্ৰশংসা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ