নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰিও তেওঁ দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ’ সেৱা উদ্বোধন কৰে। লগতে মোডীয়ে তিৰুৱন্তপুৰমত ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলায়ো স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমে পুৱা ১১ বজাত তিৰুৱন্তপুৰম চেন্ট্ৰল ৰেল ষ্টেচনত উপস্থিত হয় আৰু তিৰুৱন্তপুৰম-কাচাৰাগোডৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰেলখনক ফ্লেঘ অ’ফ কৰি শুভাৰম্ভ কৰে। উক্ত ৰে’লখনে তিৰুৱন্তপুৰম, কোল্লাম, কোট্টায়াম, এৰ্নাকুলাম, ত্ৰিচুৰ, পালাক্কাড, পাথানামথিট্টা, মালাপ্পুৰম, কোজিকোডৰ দৰে ১১ খন জিলাক সামৰি ল’ব। লগতে, প্ৰধানমন্ত্ৰীয়ে ডিণ্ডিগুল-পালানি-পালাক্কাড শাখাৰ ৰে’ল বৈদ্যুতিকৰণো উদ্বোধন কৰে।

তাৰ পিছত তেওঁ ১,৫১৫ কোটি ব্যয় সাপেক্ষে তিৰুৱন্তপুৰমত দেশৰ প্ৰথমটো ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা স্থাপন কৰে। প্ৰথম পৰ্যায়ত, ইয়াৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ’ব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ’ সেৱাও উদ্বোধন কৰে। পোৰ্ট চিটি কোচিত নিৰ্মিত মেট্ৰ’ই কোচি চহৰক ওচৰৰ ১০ টা দ্বীপৰ সৈতে সংযোগ কৰিব।
লগতে পঢ়ক – হ্ৰাস পাইছে কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা, যোৱা ২৪ ঘণ্টাত ৬,৬৬০ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত