নিউজ ডেস্ক- আজি জয়ন্ত মল্ল বৰুৱা বশিষ্ঠস্থিত অটল ভৱনত গুৱাহাটী লোকসভা সমষ্টি বিষয়ক কার্যপন্থা সম্পর্কে এখন সভাৰ আয়োজন কৰে।
তেওঁ কয়, “প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে ৯টা বছৰ সম্পূর্ণ কৰিলে। জনহিতৈষী চৰকাৰখনে অবিৰত ভাৱে দেশৰ হকে কাম কৰি যাবলৈ মোদী ডাঙৰীয়া পুনৰ শাসনলৈ অহাটো আমি নিশ্চিত কৰিব লাগিব। সেই উদ্দেশ্য আগত ৰাখিয়েই দলৰ কেন্দ্রীয় নেতৃত্বৰ সিদ্ধান্তমর্মে এমাহ যোৰা ‘জন সম্পৰ্কৰক্ষী অভিযান’ৰ আয়োজন কৰা হৈছে।”

আনহাতে, জনসম্পর্ক অভিযানৰ অংশ হিচাপে অহা জুন মাহৰ ১০ তাৰিখে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ১o টা বিধানসভা সমষ্টি সামৰি পলাশবাৰীৰ আৰ.বি. হাইস্কুল খেলপথাৰত প্ৰধানমন্ত্ৰীৰ এখন বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাখনত এই সম্পর্কে বিতং আলোচনা কৰে।
উক্ত সভাত সাংসদ কুইন ওজা, হেমাংগ ঠাকুৰীয়া, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, ৰাজ্যিক সম্পাদিকা মেঘনা হাজৰিকা, কামৰূপ মহানগৰ জিলাৰ সভাপতি তপনচন্দ্ৰ দাস, উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পাল, দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, GMDA -ৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু উপাধ্যক্ষ মুকুতা ডেকা তথা অন্যান্য দলীয়কার্যকর্তা উপস্থিত থাকে।