নিউজ ডেস্কঃ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসম গণ পৰিষদে বিশাল “বিশেষ কৰ্মকৰ্তা সন্মিলন” অনুষ্ঠিত কৰি এক প্ৰবল জনজাগৰণ সৃষ্টি কৰাৰ সময়তে এইবাৰ লখিমপুৰ লোকসভা সমষ্টিৰ আকাশে-বতাহে হাজাৰ হাজাৰ জনতাৰ কণ্ঠত সমস্বৰে প্ৰতিধ্বনিত হ’ল কেৱল অগপ জিন্দাবাদৰ শ্লোগান। প্ৰচন্দ গৰমকো নেওচি দলীয় কৰ্মী-শুভাকাংক্ষী তথা ৰাইজৰ উপস্থিতিয়ে একপ্ৰকাৰ জনসমুদ্ৰৰ সৃষ্টি কৰে।
আজি অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত ধেমাজিত লখিমপুৰ লোকসভা সমষ্টিৰ “বিশেষ কৰ্মকৰ্তা সন্মিলন”খন শুভাকাংক্ষী ৰাইজ তথা দলীয় কৰ্মকৰ্তাসকলৰ উৎসাহ-উদ্দীপনাৰ মাজেৰে সফলভাৱে অনুষ্ঠিত হৈ যায়।
কৰ্মকৰ্তা সন্মিলনত ভাষণ প্ৰদান কৰি সভাপতি অতুল বৰাই কয়, নিজৰ সংকীৰ্ণ স্বাৰ্থ সিদ্ধিৰ বাবে অসম আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমীয়াক হত্যা কৰিছিল কংগ্ৰেছ দলে। কংগ্ৰেছ আমাৰ চিৰশত্ৰু। লগতে, তেওঁ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আমি কংগ্ৰেছক ৰোধ কৰিব লাগিব, তাৰ বাবে অগপৰ কৰ্মকৰ্তাসকলক একত্ৰিতভাৱে দলীয় কাম-কাজ আগবঢ়াই নিবলৈ সভাত আহ্বান জনাই।
ইয়াৰোপৰি, ৰাইজৰ আশিস শিৰত লৈ অগপৰ শিপাডাল অধিক মজবুত তথা বিস্তাৰিত কৰাৰ বাবে দলীয় সতীৰ্থসকলক অগপৰ শিপাডালত সাৰ-পানী যোগাবলৈ সভাত সভাপতি গৰাকীয়ে আহ্বান জনাই।
ইফালে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ভাষণ প্ৰদান কৰি কয়, কৰ্মকৰ্তা সকল দলৰ চালিকাশক্তি ৷ কৰ্মকৰ্তা সকলে কৰ্মস্পৃহা আৰু দক্ষতাৰে জনমুখী কৰি সাংগঠনিক বুনিয়াদ সৱলীকৰণ কৰিব পাৰে ৷ দলৰ সফলতাও কৰ্মকৰ্তা সকলৰ মনোবলৰ ওপৰত নিৰ্ভৰ কৰে৷ গতিকে, কৰ্মকৰ্তা সকলক পূৰ্ণ সক্ৰিয়তাৰে সাংগঠনিক পৰিকাঠামো সুদৃঢ় কৰিবলৈ আহ্বান জনাই কেশৱ মহন্তয়ে ৷
এই সভাতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ধনমণি দত্তই আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে। আজিৰ এই বিশেষ কৰ্মকৰ্তা সন্মিলন দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ প্ৰমুখ্যে উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল, লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ-বিধান পৰিষদৰ সভাপতি-সম্পাদক, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক – মাজুলীত আয়োজিত ‘আধ্যাত্মিক যুৱ সন্মিলন ২০২৩’ৰ অন্তিমটো দিনত উপস্থিত থাকে মুখ্যমন্ত্ৰী