নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৭ বজাতেই প্ৰজেক্ট টাইগাৰৰ ৫০ তম বৰ্ষপুৰ্তি উদযাপনত অংশগ্ৰহণ কৰিবলৈ মাইচুৰত উপস্থিত হয়। টুপী, টি-চাৰ্ট আৰু ট্ৰাউজাৰত পৰিধান কৰা প্ৰধানমন্ত্ৰী মোডীক এক অন্য ৰূপত দেখা গ’ল। পুৱাই বন্দীপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত ২০ কি.মি. জোৰা জিফ চাফাৰী কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

বান্দিপুৰত মোডীয়ে আজি ‘প্ৰজেক্ট টাইগাৰ’ৰ ৫০ বছৰ উপলক্ষে এক বৃহৎ অনুষ্ঠানত বাঘ সম্পৰ্কীয় শেহতীয়া তথ্য মুকলি কৰিব। লগতে, তেওঁ অমৃত কালত বাঘক বচাবলৈ চৰকাৰৰ দৃষ্টিভংগী আৰু আন্তৰ্জাতিক বিগ কেটছ এলায়েন্সৰ (আইবিচিএ) শুভাৰম্ভ কৰিব। ৫০ তম বৰ্ষপুৰ্তি  উপলক্ষৰ স্মৃতি স্বৰূপে এটা মুদ্ৰাও মুকলি কৰা হ’ব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ সীমান্তৱৰ্তী অৱস্থিত মুদুমালাই ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। লগতে, থেপ্পাকাডু হাতী শিবিৰ পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।  

থেপ্পাকাডু হাতী শিবিৰ মুখ্য আকৰ্ষণ হ’ল হাতী ৰঘু,

থেপ্পাকাডু হাতী শিবিৰ মুখ্য আকৰ্ষণ হ’ল হাতী ৰঘু। অস্কাৰ বিজয়ী চুটি চলচ্চিত্ৰ “দ্য এলিফেন্ট হুইচপাৰচ” ৰঘু আৰু পালন কৰ্তা ওপৰত এই বিশেষ শিবিৰটো আধাৰিত। এই ঠাইতে অস্কাৰ বিজয়ী তথ্যচিত্ৰ খনৰ দৃশ্যগ্ৰহণ কৰা হৈছে।

জানিব পৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোডীয়ে চামৰাজনগৰ জিলাত অৱস্থিত বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভত ফ্ৰণ্টলাইন ফিল্ড কৰ্মচাৰীৰ আৰু স্ব-সহায়ক গোটৰ সৈতেও বাৰ্তালাপ কৰিব।

ইয়াৰ পিছতেই, তেওঁ মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ থেপ্পাকাডু হাতী শিবিৰ পৰিদৰ্শন কৰিব আৰু হাতী শিবিৰৰ মাহুত আৰু কাৱাদিসকলৰ সৈতে বাৰ্তালাপ কৰিব।

উল্লেখযোগ্য যে, ২০১৯ চনত, প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বৰ নেতাসকলৰ সৈতে এছিয়াত চোৰাং চিকাৰ আৰু জন্তুৰ অবৈধ ব্যৱসায় ৰোধ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীৰ সেই ৰোধৰ বাৰ্তা আগবঢ়াবলৈ আজি আন্তৰ্জাতিক বিগ কেটছ এলায়েন্সৰ (আইবিচিএ) আৰম্ভ কৰিব।

লগতে পঢ়ক – Times Square ৰ NASDAQ ব’ৰ্ডত দেখা গ’ল অসমৰ কাবেৰী ভৰালীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply