আজি প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, গুৱাহাটীৰ প্ৰবীণ সাংবাদিক তথা লেখক ডঃ সমুদ্ৰ গুপ্ত কাশ্যপে ৰচনা কৰা “আনটল্ড ষ্ট’ৰীজ অৱ দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া” (Untold Stories of the Freedom Struggle from North East India) শীৰ্ষক গ্ৰন্থখনি সন্দৰ্ভত এখন ৱেবিনাৰ অনুষ্ঠিত কৰে। এই ৱেবিনাৰত সমগ্ৰ উত্তৰ-পূবৰ সাংবাদিকসকলকে প্ৰমুখ্য কৰি আন-আন লোকসকলে অংশগ্ৰহণ কৰে। ৱেবিনাৰখনৰ আঁত ধৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান বি. নাৰায়ণনে।

ইয়াত আদৰণি ভাষণ প্ৰদান কৰি নাৰায়ণনে কয় যে ৱেবিনাৰখনৰ লক্ষ্য হৈছে ডঃ সমুদ্ৰ গুপ্ত কাশ্যপে ৰচনা কৰা গ্ৰন্থখনিৰ উল্লেখযোগ্য বৈশিষ্ট্যৰাজি সম্পৰ্কে আলোচনা কৰা। তেওঁ কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰা গ্ৰন্থখনে উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকলৰ সৰ্বস্ব ত্যাগৰ গাথাক অৱলোকনৰ প্ৰয়াস কৰিছে। এই ৱেবিনাৰৰ মূল উদ্দেশ্য অখ্যাত নায়কসকলৰ কাহিনী জনসাধাৰণৰ মাজলৈ নিয়া বুলি তেওঁ লগতে কয়। গ্ৰন্থখনি সম্পৰ্কে ব্যক্ত কৰি নাৰায়ণনে কয় যে গ্ৰন্থখনে ভৱিষ্যৎ প্ৰজন্মক অঞ্চলটোৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান আৰু ত্যাগৰ গাথা সম্পৰ্কে জানিবলৈ সহায় কৰিব।

উদ্বোধনী ভাষণত ডঃ সমুদ্ৰ গুপ্ত কাশ্যপে কয় যে গ্ৰন্থখনৰ জৰিয়তে এই অঞ্চলৰ সংগ্ৰামীসকলৰ বীৰত্বপূৰ্ণ কৰ্ম আৰু ত্যাগ সম্পৰ্কে গভীৰভাৱে আলোচনাৰে ভাৰতৰ স্বাধীনতাৰ যুঁজত তেওঁলোকৰ অৱদান সন্দৰ্ভত আলোকপাত কৰা হৈছে। তেওঁ কয় যে উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকলৰ দেশপ্ৰেম আৰু ত্যাগৰ গাথা এতিয়াও ব্যাপক ৰূপত পদ্ধতিগতভাৱে নথিভুক্ত হোৱা নাই। একেদৰে, উত্তৰ-পূৰ্বাঞ্চলৰ ঔপনিৱেশিক-বিৰোধী আন্দোলনৰ কাহিনীসমূহ ইতিহাস আৰু পাঠ্যপুথিত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে স্বাধীনতা সংগ্ৰামত অঞ্চলটোৰ বৰঙণি একেবাৰেই নাছিল বুলি ধাৰণাৰ সৃষ্টি হোৱা বুলিও তেওঁ লগতে কয়। তেওঁ আৰু কয় যে বেছিভাগ ঘটনাৰ সঠিক নথিপত্ৰৰ অভাৱৰ বাবে সমগ্ৰ উত্তৰ-পূবৰ কাহিনীসমূহ উদ্ধাৰ কৰাটো এক বৃহৎ প্ৰত্যাহ্বান আছিল।

ডঃ কাশ্যপে তেওঁৰ ভাষণত অসমৰ মণিৰাম দেৱান আৰু কুশল কোঁৱৰ, অৰুণাচল প্ৰদেশৰ ৰণুৱা গোহাঁই, মণিপুৰৰ টিকেন্দ্ৰজিৎ আদিৰ দৰে সংগ্ৰামীসকলৰ দেশপ্ৰেমৰ বীৰত্বপূৰ্ণ কাৰ্য্য সম্পৰ্কেও কয়। তেওঁ লগতে আজিৰ ৱেবিনাৰত মণিৰাম দেৱানৰ কাহিনী, শৰাইঘাটৰ ৰণ, ফুলগুৰিৰ প্ৰথম কৃষক বিদ্ৰোহ, উত্তৰ-পূবৰ মহিলাসকলে পালন কৰা ভূমিকা আদি সন্দৰ্ভতো আলোচনা কৰে।

এই ৱেবিনাৰত প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ আৰু চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়াসকলো উপস্থিত থাকে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগে, ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে “আনটল্ড ষ্ট’ৰীজ অৱ দ্য ফ্ৰীডম ষ্ট্ৰাগল ফ্ৰম নৰ্থ ইষ্ট ইণ্ডিয়া” শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। গ্ৰন্থখনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দেশপ্ৰেম, সাহস আৰু ত্যাগৰ কাহিনী আৰু লগতে এই অঞ্চলে সশস্ত্ৰ ইংৰাজৰ বিৰুদ্ধে দিয়া অখ্যাত যুঁজসমূহৰ সম্পৰ্কেও ব্যাখ্যা আগবঢ়োৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply