গুৱাহাটী – কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ১৯ ছেপ্টেম্বৰত গুৱাহাটীত দুৰ্গা পূজা উদযাপনৰ পূৰ্বে গুৱাহাটীৰ দুৰ্গা পূজা সমিতিৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰে। জাৰি কৰা নিৰ্দেশাৱলী এনেধৰণৰ –

১) গুৱাহাটীৰ পূজা সমিতিয়ে গুৱাহাটী আৰক্ষীৰ পৰা অনুমতি ল’ব লাগিব।
২) কোনো পূজা সমিতিয়ে পথৰ অৱৰোধ কৰিব নোৱাৰিব।
৩) প্ৰতিখন পূজা সমিতিয়ে পেণ্ডেলত চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব।
৪) পূজা সমিতিবোৰে পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিব লাগিব।
৫) সকলো স্বেচ্ছাসেৱকে পূজা সমিতিৰ সভাপতিৰ স্বাক্ষৰ থকা এটাকৈ বেজ পৰিধান কৰিব লাগিব।
৬) মূৰ্তিবোৰ তৈয়াৰ কৰিবলৈ জৈৱ-পচনশীল (Bio-Degradable) সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব।
৭) সকলো পৰম্পৰাগত কাৰ্যসূচী নিশা ৯ বজাৰ ভিতৰত শেষ হ’ব লাগিব।
৮) পূজা সমিতিৰ দ্বাৰা প্ৰাথমিক চিকিৎসাৰ কিট আৰু জুই নিৰ্বাপনৰ সঁজুলিৰ ব্যৱস্থা কৰিব লাগিব।
৯) পূজা সমিতিৰ দ্বাৰা আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালী আৰু খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব।
১০) পূজা মণ্ডপত ব্যৱহাৰ কৰিবলগীয়া বিদ্যুৎ সংযোগ APDCL ৰ অধীনত সংযোগ কৰিব লাগিব।
১১) পূজা সমিতিৰ সভাপতি আৰু সম্পাদকৰ নাম আৰু যোগাযোগ নম্বৰ বেনাৰত প্ৰদৰ্শন কৰিব লাগিব।
১২) বিজয়া দশমীৰ দিনটোত মূৰ্তিবোৰ দিনৰ ভাগতে বিসৰ্জন দিব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply