নিউজ ডেস্ক: সমাগত আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনক লৈ এতিয়া বহুতে বহু ধৰণৰ মন্তব্য আগবঢ়াইছে। তাৰে পৰিপ্ৰেক্ষিতত বলিউদৰ অভিনেত্ৰী কংগনা ৰানাৱটে নিৰ্বাচন সন্দৰ্ভত নিজা মতামত আগবঢ়াইছে।

দেওবাৰে হৰিদ্বাৰ ভ্ৰমণৰ সময়ত অভিনেত্ৰী কংগনা ৰানাৱটে নিৰ্বাচনক লৈ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে নিৰ্বাচনক লৈ ৰাইজৰ মাজত যথেষ্ট কৌতুহল আছে, লগতে তেওঁ ২০১৯ চনৰ দৰে নিৰ্বাচনী ফলাফল ২০২৪ চনতো হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ২০১৯ চনত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতাত্ৰিক মিত্ৰজোঁতে ৩৫৩ খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহিছিল ।

বিগত সময়ত বহুবাৰ অভিনেত্ৰী গৰীকীয়ে ভৱিষ্যতে সক্ৰিয় ৰাজনীতিত প্ৰতিদন্দ্বিতা কৰাৰ কথা উল্লেখ কৰি আহিছে। তেওঁ নিজ গৃহৰাজ্য হিমাচল প্ৰদেশৰ জনসাধাৰণক সেৱা আগবঢ়াবলৈ আগ্ৰহী ইয়াৰ বাবে তেওঁ যদি সুযোগ পায় তেন্তে সেইয়া তেওঁৰ বাবে গৌৰৱৰ বিষয় হ’ব আৰু ইয়াৰ বাবে যদি প্ৰয়োজন হয় তেওঁ ৰাজনীতিত যোগদান কৰিবলৈকো সাজু বুলি উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply