নিউজ ডেস্ক:  লোকসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে বিৰোধীৰ সমান্তৰালকৈ তৎপৰ হৈ উঠিছে বিজেপি। ৰাজ্যৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি কোকৰাঝাৰক লৈ শংকিত হৈছে টীম হিমন্ত। মিত্ৰদল প্ৰমোদ বড়োৰ ইউপিপিএলৰ এই সমষ্টিটো এৰি দিয়াৰ চৰ্চা চলিচে যদিও হাগ্ৰামা মহিলাৰীৰ শেহতীয়া সাংগঠনিক স্থিতিয়ে শংকিত কৰিছে গেৰুৱা দলক। কিয়নো কোকৰাঝাৰত বিজেপিক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বিপিএফে। উল্লেখ্য যে বিগত পৰিষদীয় নিৰ্বাচনত ইউ পি পি এলৰ জৰিয়তে বি টি আৰৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সমৰ্থ হোৱা বিজেপিয়ে এইবাৰ লোকসভা নিৰ্বাচনতো বিটিআৰ এলেকাত নিজৰ ভেটি শক্তিশালী কৰাৰ বাবে ৰণকৌশল যুগুত কৰিছে। ইয়াকে লৈ পূৰ্বতে কৰা প্ৰতিশ্ৰুতি ভঙ্গ কৰি সমষ্টিটো ২০২৪ ৰ নিৰ্বাচনত নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰিকল্পনাৰে বিটিআৰত সমীক্ষা আৰম্ভ কৰিছে দলে। ইয়াৰ বাবে দলটোৰ ৰাজ্যিক মুখ্য সাংগঠনিক সম্পাদক ফণী শৰ্মাই সঘনে বি টি আৰৰ বিজেপি নেতা-কর্মীৰে যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

 কেৱল সেয়াই নহয়, হাগ্ৰামা মহিলাৰীক মঙলদৈ সমষ্টিত সহায়ৰ প্ৰতিদানৰূপে কোকৰাঝাৰত বিপিএফৰ সহায় বিচৰা বুলিও জানিব পৰা গৈছে। ইতিমধ্যে কোকৰাঝাৰ সমষ্টিত সমীক্ষা আৰম্ভ কৰা বিজেপিয়ে বুথ কমিটীৰ পৰ্যায়ৰ পৰাই কৰ্মীসকলক সক্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যৰ ১৪ খন আসনৰ অতিকমেও ১২ খন আসন হস্তগত কৰিবৰ বাবে টাৰ্গেট বান্ধি দিয়া হৈছে অসমৰ ‘লোকসভা প্ৰভাস’ গোটক। সেই অনুসৰি কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা আদিৰে গঠিত এই দলটোৱে উজনি নামনি একাকাৰ কৰিছে ভোটাৰৰ ৰূপৰেখা জানিবলৈ। প্ৰতিটো বুথে বুথে টাৰ্গেট বান্ধি দিছে দলটোৱে। উল্লেখযোগ্য যে কেৱল বি টি আৰতেই কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপিৰ আছে ১,৩০০ খনৰো অধিক বুথ কমিটী। প্ৰতিখন বুথ কমিটীৰ অধীনৰ প্রতি ৬০ গৰাকী ভোটাৰৰ বিপৰীতে আছে এগৰাকীকৈ পৃষ্ঠাপ্রমুখ।

তৃণমূল পৰ্যায়ত পৃষ্ঠাপ্ৰমুখসকলে প্ৰতিদিনে সংগ্ৰহ কৰা তথ্য অনুসৰিয়েই গেৰুৱা দলটোৱে কোকৰাঝাৰ সমষ্টিত নিজেই প্রার্থী প্ৰক্ষেপ কৰিব নে মিত্ৰ দলক এৰি দিব এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। অৱশ্যে এইক্ষেত্ৰত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰাকৈ দলক শক্তিশালী কৰিবলৈ শীৰ্ষ নেতৃত্বই তৃণমূল নেতা-কৰ্মীসকলক নিৰ্দেশ প্রদান কৰিছে। স্মৰ্তব্য যে বি টি আৰত পৰিষদ গঠনৰ ক্ষেত্ৰত বিজেপিয়ে ইউ পি পি এলেৰে মিত্ৰতা কৰিলেও পৰিষদৰ মুখ্য কাৰ্যবাহীৰ লগতে অধিকাংশ পাৰিষদ ইউ পি পি এলকে এৰি দিছে। কেৱল সেয়াই নহয় ৰাজ্যসভাৰ বাবে খালী হোৱা আসনো শেহতীয়াকৈ বিজেপিয়ে ইউ পি পি এলক এৰি দিছে। স্বাভাৱিকতে পৰিষদ আৰু ৰাজ্যসভাৰ আসন এৰি দি লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিটো নিজৰ লগত ৰখাৰেই কৌশল সাজু ৰাখিছে বিজেপিয়ে। উল্লেখ্য যে ৰাজ্য আৰু বি টি আৰত বিজেপি – ইউ পি পি এল মিত্ৰতাত থাকিলেও বিটিআৰ এলেকাত তৃণমূল পৰ্যায়ত দুয়ো দলৰ নেতা-কৰ্মী দুটা বিপৰীত মেৰুত।

এনে পৰিপ্ৰেক্ষিতত ইউ পি পি এলৰ লগত সুসম্পর্ক বজাই ৰখাৰ সমান্তৰালকৈ বিজেপিৰ তৃণমূল কৰ্মীসকলকো সন্তুষ্ট কৰাৰ লক্ষ্যৰেই গেৰুৱা দলটোৰ শীৰ্ষ নেতৃত্বই বিটিআৰত এক কৌশল পূৰ্ণ স্থিতিত অৱস্থান কৰিছে। ইফালে হাগ্ৰামা মহিলাৰীৰ সৈতেও ৰাখিছে এক নিকট দূৰত্ব। এতিয়া ইউপিপিএলৰ সৈতে প্ৰতিদানৰ ৰাজনীতিৰে কোকৰাঝাৰ কুক্ষিগত কৰাৰ পৰিকল্পনা আৰু একেসময়তে হাগ্ৰামাৰে গোপন সন্ধি স্থাপন কৰি বিটিআৰ হাতৰ মুঠিলৈ অনাৰ ৰণকৌশলে বিটিআৰত বিশেষ তাৎপর্য বহন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply