Representative. Source : Internet

পলিটিকেল ডেস্ক – শীঘ্ৰেই সলনি হৈ যাব আপোনাৰ ৰাজনৈতিক চিনাকি। ওলট-পালট হৈ যাব আপোনাৰ সমষ্টি আৰু নেতা। কিয়নো অসমলৈ আহি আছে নির্বাচন আয়োগ। লক্ষ্য লোকসভা নিৰ্বাচন ২০২৪, আৰু ইয়াৰ সমান্তৰালকৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হ’ব অসমৰ সমষ্টি পুনৰনিৰ্ধাৰণ।

২০২৪ চনৰ লোক সভা নিৰ্বাচনৰ পূৰ্বেই অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া সম্পূর্ণ হ’ব। ইতিমধ্যে নির্বাচন আয়োগে ৰাজ্যখনৰ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া বহুখিনি আগুৱাই নিছে। আনকি সমষ্টি পুনৰ গঠনৰ সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক দল, সামাজিক সংগঠনসমূহৰ লগতে নাগৰিকসকলৰ মতামত গ্ৰহণ কৰাৰ বাবে অহা ২৬ মাৰ্চত অসমত উপস্থিত হ’ব দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ। কুমাৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলো আহিব অসমলৈ।

তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোত ৰাজীৱ কুমাৰৰ উপৰি থাকিব নির্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেল। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই আয়োগৰ দলটোৰ কাৰ্যসূচীৰ কথা ৰাজহুৱা কৰি প্ৰকাশ কৰা মতে,

২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ সৈতে মত বিনিময় কৰিব। বৈঠক অনুষ্ঠিত হ’ব গুৱাহাটীৰ হোটেল ৰেডিছন-ব্লুত। একেদিনাই এক বজাৰ পৰা নাগৰিক সমাজ, সামাজিক সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ’ব আয়োগৰ দলটো। কেৱল সেয়াই নহয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতেও অনুষ্ঠিত হ’ব বৈঠক। এই বৈঠকৰ অন্তত ২৮ মাৰ্চৰ আবেলি ৩ বজাত নির্বাচন আয়োগে সম্বোধন কৰিব সংবাদ মাধ্যমক।

উল্লেখযোগ্য যে ৰাজ্যিক নির্বাচন বিভাগে দাখিল কৰা জিলা, মহকুমা, মৌজাভিত্তিক তথ্য তথা মানচিত্ৰৰ ভৌগোলিক অৱস্থানৰ ভিত্তিত আয়োগে পুনৰ গঠিত সমষ্টিৰ খচৰাৰ ৰূপৰেখা প্ৰস্তুত কৰি আছে। অৱশ্যে সমষ্টিসমূহ পুনৰ গঠন কৰিলেও ৰাজ্যৰ বিধানসভা আৰু লোক সভা সমষ্টিৰ সংখ্যা বৃদ্ধি নাপায়।

আয়োগৰ এটা সূত্ৰৰ মতে, চলিত বৰ্ষৰ ভিতৰতেই সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ২০২৪ চনৰ ১ জানুৱাৰীত ৰাজ্যৰ নতুন ভোটাৰ তালিকা পুনৰ গঠিত সমষ্টিৰ ভিত্তিত প্ৰকাশ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োগে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে নামনি আৰু মধ্য অসমৰ বিধানসভা, লোক সভা সমষ্টিত ব্যাপক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

বিশেষকৈ লোক সভা সমষ্টি হিচাপে বৰপেটা, কোকৰাঝাৰ, মঙলদৈ, নগাঁও, কলিয়াবৰ আৰু গুৱাহাটীত পুনৰ গঠনৰ প্ৰভাৱ পৰিলক্ষিত হ’ব।

একেদৰে বহুকেইটা বিধানসভা সমষ্টি বিলুপ্ত হোৱাৰ লগতে নতুন নামেৰে গঠন কৰা হ’ব কেইবাটাও সমষ্টি। যাৰ ফলত বহুকেইজন ৰাজনৈতিক নেতাই নিজা সমষ্টি হেৰুৱাব। মন কৰিবলগীয়া কথা যে যোৱা ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে অধিসূচনা জাৰি কৰিছিল।

পিছে সমষ্টি পুনৰ গঠন আয়োগৰ পৰিৱৰ্তে নির্বাচন আয়োগৰ জৰিয়তে কিয় পুনৰ গঠন প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে তথা ২০১১ চনৰ লোকপিয়ল থকা সত্ত্বেও ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ সমষ্টি পুনৰ গঠন কৰিবলৈ লোৱা প্ৰক্ৰিয়াক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত যোৱা ফেব্ৰুৱাৰী মাহত সাংসদ অজিত কুমাৰ ভূঞা আৰু চিন্তাবিদ ড° হীৰেন গোহাঁয়ে পৃথকে পৃথকে দুখনকৈ লেখ আৱেদন দাখিল কৰিছে। এনে পৰিস্থিতিত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগবঢ়াই নিলেও পৰৱৰ্তী সময়ত এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কি নির্দেশ দিয়ে, সেয়াহে হ’ব লক্ষণীয় বিষয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply