নিউজ ডেস্ক: পুনৰ টুইটাৰ ব্যৱহাৰকাৰীৰ বাবে নতুন নিয়ম প্ৰযোজ্য কৰিলে স্বত্বাধিকাৰী এলন মাস্কে। টুইটাৰৰ মালিকীস্বত্ব লাভ কৰাৰ পাছৰে পৰাই নিতৌ নতুন নিয়মেৰে সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখল কৰি আহিছে টুইটাৰে। ব্লু টিকৰ বাবেও এতিয়া টুইটাৰ ব্যৱহাৰকাৰীসকলে দিব লগীয়া হৈছে মাচুল। একেদৰেই দাম নিৰ্ধাৰণ কৰা হৈছে গ্ৰে’ আৰু গোল্ডেন টিকৰ বাবেও। কিন্তু এতিয়াৰে পৰা মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত বিভিন্নধৰণে প্ৰবন্ধ পঢ়াৰ বাবেও ব্যৱহাৰকাৰীসকলে মাচুল আদায় দিব লাগিব।
টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কে টুইটযোগে প্ৰকাশ কৰামতে আগন্তুক মাহৰ পৰা মিডিয়া প্ৰকাশকসকলে তেওঁলোকৰ বিভিন্নধৰণৰ প্ৰবন্ধৰ বাবদ টুইটাৰ ব্যৱহাৰকাৰীসকলৰ পৰা মাচুল আদায় ল’ব পাৰিব।
এনে প্ৰবন্ধ পঢ়াৰ বাবে টুইটাৰ ব্যৱহাৰকাৰীসকলে মাহেকীয়া ছাবস্ক্ৰিপচন ল’ব পাৰিব। ছাবস্ক্ৰিপচন নোলোৱা ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ পছন্দৰ প্ৰবন্ধ পঢ়াৰ বাবে সুকীয়াকৈ মাচুল আদায়ৰো সুবিধা পাব। এই সিদ্ধান্তক মিডিয়া সংস্থা আৰু সাধাৰণ নাগৰিকৰ বাবে এক বৃহৎ বিজয় বুলি ঘোষণা কৰিছে এলন মাস্কে।