নিউজ ডেস্ক: জনপ্ৰিয় এপ হোৱাটছএপে এপ্ৰিল মাহত ভাৰতত ৭৪,৫২,৫০০ একাউণ্ট নিষিদ্ধ কৰিছিল। ইয়াৰে ২৪,৬৯,৭০০ একাউণ্ট ব্যৱহাৰকাৰীৰ পৰা প্ৰতিবেদনৰ পূৰ্বে সক্ৰিয়ভাৱে নিষিদ্ধ কৰা হৈছিল। কোম্পানীটোৱে একাউণ্ট সমৰ্থন, নিষেধাজ্ঞাৰ আবেদন, প্ৰডাক্ট সমৰ্থন, সুৰক্ষা আদিৰ সৈতে জড়িত ৪ হাজাৰৰো অধিক অভিযোগ লাভ কৰে।

১ জুন বৃহস্পতিবাৰে কোম্পানীটোৱে তথ্য প্ৰযুক্তি নিয়ম, ২০২১ৰ নিয়ম 4(1)(d) আৰু নিয়ম 3A(7) অনুসৰি প্ৰতিবেদন প্ৰকাশ কৰে। প্ৰতিবেদন মতে, মেটাৰ অধীনত থকা হোৱাটছএপে এপ্ৰিল মাহত লাভ কৰিছিল ৪,৩৭৭টা অভিযোগ। ইয়াৰ ভিতৰত একাউণ্ট সমৰ্থন, নিষেধাজ্ঞাৰ আবেদন, পণ্য সমৰ্থন, সুৰক্ষা আৰু অন্যান্য সমৰ্থন জড়িত আছিল।

ইয়াৰে ২২৩টা একাউণ্টৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ আবেদনৰ প্ৰতিক্ৰিয়া স্বৰূপে হোৱাটছএপে ব্যৱস্থা গ্ৰহণ কৰে। প্ৰতিবেদনত কোৱা হৈছে যে “যি কোনো অভিযোগক পূৰ্বৰ টিকটৰ নকল বুলি গণ্য কৰা হয়,  সেইবোৰৰ বাহিৰে আমি লাভ কৰা সকলো অভিযোগৰ প্ৰতি সঁহাৰি জনাইছো। এটা একাউণ্ট তেতিয়াহে ‘একচন’ কৰা হয় যেতিয়া কোনো একাউণ্ট নিষিদ্ধ কৰা হয় বা পূৰ্বতে নিষিদ্ধ কৰা একাউণ্ট পুনৰুদ্ধাৰ কৰা হয়।”

এপ্ৰিল মাহত একাউণ্ট নিষিদ্ধ কৰাৰ কথা উল্লেখ কৰি হোৱাটছএপে কয় যে তেওঁলোকে ব্যৱহাৰকাৰীৰ পৰা নেতিবাচক প্ৰতিক্ৰিয়া বা অপব্যৱহাৰ ধৰা পেলাবলৈ এই প্ৰক্ৰিয়াটো চলাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply