জম্মু আৰু কাশ্মীৰ, লাডাখক ভাৰতৰ মানচিত্ৰৰ পৰা বাদ দিয়া হৈছে। আনকি চীনৰ দ্বাৰা অধিকৃত বহুতো ভাৰতীয় ভূখণ্ডও মানচিত্ৰত নাই। হোৱাটছএপে টুইটাৰ হেণ্ডেলত এনে ধৰণৰ বিকৃত মানচিত্ৰ পোষ্ট কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ হোৱাটছএপৰ মূল কোম্পানী মেটাক এই ভুলটো শীঘ্ৰে সংশোধন কৰিবলৈ নিৰ্দেশ দিছে।
দৰাচলতে, হোৱাটছএপে বিদায়ী বৰ্ষৰ দিনটোত নতুন বছৰক স্বাগতম জনাই ব্যৱহাৰকাৰীসকললৈ এটা বাৰ্তা পোষ্ট কৰিছিল। তাত পোষ্ট কৰা ভাৰতৰ মানচিত্ৰখন আছিল বিতৰ্কিত। মানচিত্ৰখনত জম্মু আৰু কাশ্মীৰৰ এক বৃহৎ অংশ অৰ্থাৎ পাক অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাই। আনকি ভাৰতৰ কিছুমান অঞ্চল যিবোৰ চীনা দখলত আছে সেইবোৰো ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাই।
এই মানচিত্ৰখন পোষ্ট কৰাৰ পিছতে হোৱাটছএপে নেটিজেনসকলৰ ক্ষোভৰ সন্মুখীন হয়। বহুতেই সামাজিক মাধ্যমক ভুলটো সংশোধন কৰিবলৈ পৰামৰ্শ দিয়ে।
কেইঘণ্টামানৰ ভিতৰতে বিষয়টো কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ দৃষ্টিগোচৰ হয়। লগে লগে টুইট কৰি তেওঁ কয়, “হোৱাটছএপ কৰ্তৃপক্ষক মোৰ অনুৰোধ হৈছে যিমান সম্ভৱ সোনকালে এই ভুলটো সংশোধন কৰক।”
মন্ত্ৰীজনৰ বাৰ্তাৰ পিছতে হোৱাটছএপে টুইটটো ডিলিট কৰে।
উল্লেখ্য যে পূৰ্বেও ভাৰতৰ এনে এক বিতৰ্কিত মানচিত্ৰ ব্যৱহাৰক লৈ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংগঠন বিতৰ্কত লিপ্ত হৈছিল।