গৌৰৱ গৌতম সাহা: সুস্থ সমাজ এখন গঢ়াত সাংবাদিক সকলে যথেষ্ট ভূমিকা পালন কৰে। তেওঁলোক সাংবাদিক। সংবাদৰ জৰিয়তে সমাজসেৱা আগবঢ়োৱা তেওঁলোক আমাৰ দাপোন স্বৰূপ। সমাজৰ কন্ঠ আগুৱাই নিয়াত তেওঁলোকৰ ওপৰত আমাৰ যথেষ্ট আস্থা। সেয়েহে সাংবাদিক সকলৰ পৰা আমি কিছু হলেও আশা কৰোঁ।

সময়ৰ লগে লগে সাংবাদিকতাৰ ৰূপ সলনি হৈছে। পূৰ্বতে যদি পৰম্পৰাগত ৰেডিঅ, বাতৰি কাকত, কিম্বা টেলিভিছনৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ হৈছিল- আজি তাতে যোগ দিছে বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা ডিজিটেল মিডিয়াই। ৰিলায়েঞ্চ জিঅ’ই কম মূল্যতে উপলব্ধ ইন্টাৰনেট সেৱা আগবঢ়োৱাত কাৰ্যতঃ নিউজ পৰ্টেল আজি কাঠফুলাৰ দৰে জন্ম লৈছে।

এই সমগ্ৰ পৰিক্ৰমাৰ মাজেদি ঐতিহ্যমণ্ডিত গুৱাহাটী প্ৰেছ ক্লাৱে ৫০ বছৰত ভৰি দিছে। গুৱাহাটী প্ৰেছ ক্লাৱৰ সোনালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে আড়ম্বৰপূৰ্ণভাৱে গুৱাহাটীত অনুষ্ঠিত হৈ যায়। ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি তথা সংগঠনে গুৱাহাটী প্ৰেছ ক্লাৱলৈ শুভেচ্ছা বাৰ্তা পঠিয়াইছে। নিঃসন্দেহে ই অতিকৈ গৌৰৱৰ কথা আৰু ইয়াৰ গাম্ভীৰ্য যথেষ্ট আছে।

সুদীৰ্ঘ ১৭ বছৰ পিছত গুৱাহাটী প্ৰেছ ক্লাৱৰ কাৰ্যনিৰ্বাহক কমিটিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। বিগত ৩ টা বছৰে গুৱাহাটী প্ৰেছ ক্লাৱ কিছু হলেও নতুন মাত্ৰা পাবলৈ সক্ষম হৈছে। তেওঁলোকৰ সামাজিক মাধ্যমত উপস্থিতিও বাঢ়িছে; যি খুব দুৰদৰ্শিতাৰ লক্ষন। সময়ে সময়ে গুৱাহাটী প্ৰেছ ক্লাৱে বিভিন্ন কাৰ্য্যসূচী হাতত লৈ আহিছে।

ব্যক্তিগতভাৱে মই যোৱা বছৰ অসমৰ অতিকৈ প্ৰতিষ্ঠিত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগ বিষয়ত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। ফলাফল ভাল হৈছে। আজিৰ পৰা ৬ মাহ পূৰ্বে অৰ্থাৎ যোৱা ডিচেম্বৰ মাহৰ শেষৰ ফালে আমাৰ সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত হৈ যায়। খুব ধুনীয়া অনুভৱ আছিল সেয়া।

শৈক্ষিক পাঠ্যক্ৰমত সাংবাদিকতাৰ ব্যৱহাৰিক শিক্ষাৰ অভাৱ আছে। কৰোনা ভাইৰাছ মহামাৰীৰ মাজতে আমাৰ নামভৰ্তি হৈছিল কাৰনে শৈক্ষিক দিশত যথেষ্ট লোকচান হয়। তৃতীয় আৰু চতুৰ্থ ষান্মাসিক বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকি শিক্ষাগ্ৰহণ কৰিছিলোঁ যদিও, আজিও আক্ষেপ আছে- আমাৰ প্ৰেক্টিকেল ক্লাছ বা ব্যৱহাৰিক সাংবাদিকতাৰ জ্ঞান অতিকৈ সীমিত। থিয়ৰী বা তাত্বিক শিক্ষাৰ চাপ ইমানেই বেছি যে ব্যৱহাৰিকভাৱে আমি সময়েই নাপালোঁ বহু বিষয় বুজিবলৈ। মই ভাবোঁ, সাংবাদিকতা বা গণসংযোগত ব্যৱহাৰিকভাৱে আমি পৈনত হোৱা উচিত।

বিশ্ববিদ্যালয়ত “ট্ৰেইনিং আৰু প্লেচমেন্ট চেল”ৰ সহায়ত এক আগৰনুৱা ব্যক্তিগত খণ্ডৰ মানৱ সম্পদ সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানত চাকৰি এটা লাভ কৰোঁ। বিশ্ববিদ্যালয় লৈ কৃতজ্ঞতা। বৰ্তমান মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ। আমাৰ কাৰ্যালয়ত মোক তেওঁলোকৰ ৱেবছাইট, চছিয়েল মিডিয়া আৰু ভিডিঅ’ গ্ৰাফিক্স স্ক্ৰিপ্টৰ কামত নিয়োজিত কৰিছে। ভিডিঅ স্ক্ৰিপ্ট লিখাত মোৰ পূৰ্বৰ অভিজ্ঞতা নাই; শিকি থকাৰ নিচিনাই হৈছে।

মোৰ এই কথাত আক্ষেপ হয় যে বিশ্ববিদ্যালয়ত শিকিবলগীয়া বিষয় আজি কৰ্মসূত্ৰে শিকিবলগীয়া হৈছে। মই যিমান দূৰ জানোঁ, আমাৰ প্ৰায় প্ৰতিটো সাংবাদিকতা প্ৰতিষ্ঠানত- চৰকাৰী বা বেচৰকাৰী- ব্যৱহাৰিক শিক্ষাৰ যথেষ্ট অভাব। ই কিন্তু চিন্তনীয় বিষয়। বহু ছাত্ৰ ছাত্ৰী প্ৰশিক্ষণৰ অভাৱত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুযোগেই নাপাব এইদৰে। কথাবোৰ কিছু হলেও ভাবিবলগীয়া।

ইফালে নিউজ পৰ্টেলৰ অনিয়ন্ত্ৰিত উত্থানত সুস্থ সাংবাদিকতাৰ স্তৰ দিনে দিনে নিম্নগামী হৈছে। ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ইত্যাদিত আজি ট্ৰলৰ মাত্ৰা অতি বেছি। একপ্ৰকাৰ ঘৃণাৰ পৰিৱেশ যেন বিৰাজ কৰিছে চছিয়েল নেটৱৰ্কিং ছাইটত। আৰু একাংশ নিউজ পৰ্টেলৰ অতিৰঞ্জিত বাতৰি পৰিবেশন শৈলীত ই বনজুইৰ দৰে সমাজত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰে। কথাবোৰ গুৰুত্বপূৰ্ণ নিশ্চয়।

এইবাৰ সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা আমিবোৰে অসমৰ সংবাদ জগতখন নিম্নাভিমুখী নহৈ উৰ্দ্ধমুখী হোৱাটো কামনা কৰোঁ। জীৱনত একো হব নোৱাৰি তথাকথিত “সাংবাদিক” হোৱা সকল স্বেচ্ছাই বৃত্তিটো ত্যাগ কৰিলেহে হয়তো পূৰ্বৰ পৰিৱেশ আমি ঘূৰাই পাম। কিন্তু ই যে এক অলিক কল্পনা। অবাস্তৱ হ’লেও অযুক্তিকৰ নহয়।

গুৱাহাটী প্ৰেছ ক্লাৱৰ ৫০ বছৰত আমাৰ জ্যেষ্ঠ সাংবাদিক সকলে নেতৃত্বত লোৱা উচিত। চৰকাৰৰ ফালৰ পৰা যদি উৎসাহিত কৰা হয়, স্বনামধন্য জ্যেষ্ঠ সাংবাদিকসকলৰ প্ৰচেষ্টাত অসমত এখন সম্পূৰ্ণভাৱে ব্যৱহাৰিক সাংবাদিকতাৰ প্ৰতিষ্ঠান গঢ় লব পাৰে। কিন্তু তাৰ কাৰনে অগাধ সদিচ্ছা আৰু যথেষ্ট সুদূৰপ্ৰসাৰী পৰিকল্পনা লাগিব। মুঠতে আজিৰ দৰে সংবাদক্ষেত্ৰ খনৰ স্খলন হৈ থাকিলে এদিন আমি নিজকে দোষী কৰিম। এয়া মোৰ ব্যক্তিগত অনুভৱ।

সুদীৰ্ঘ ৫০ বছৰ অতিক্ৰম কৰা গুৱাহাটী প্ৰেছ ক্লাৱে যেতিয়া আৰু পঞ্চাশ বছৰ পাৰ কৰিব, তেতিয়া অসমত বিশৃংখলতাৰ পৰিৱৰ্তে সুস্থ সাংবাদিকতাই স্থান পোৱাটো মনে প্ৰানে বিচাৰোঁ। মই এয়াও জ্ঞাত যে কথাবিলাক ক’বলৈ যিমান সহজ, প্ৰয়োগ কৰাত তেনেই কঠিন। তাৰ বাবে সমূহীয়াকৈ আমি আগবাঢ়িব লাগিব, হয়তো বৃত্তিটো উত্তৰোত্তৰ সাধনৰ স্বাৰ্থ সন্মুখত লৈ, আমি।

উঠি আহা সাংবাদিক সকলক সঠিক প্ৰশিক্ষণ দিলে নিশ্চয় ভৱিষ্যতে “ভাল সাংবাদিকতা”ৰ আশা কৰিব পাৰি। অৱশ্যে এই কথাত সাহস পাওঁ যে সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা অধিকাংশ নৱপ্ৰজন্মই আজি নেতিবাচক নহয় ইতিবাচক দৃষ্টিভংগীৰে আগুৱাবলৈ যত্ন কৰে।

১৯৭১-৭২ চনত প্ৰতিষ্ঠিত গুৱাহাটী প্ৰেছ ক্লাবৰ আজি এহেজাৰৰো অধিক সদস্য আছে। আমি আন্তৰিকতাৰে বিচাৰোঁ, সমাজে সাংবাদিক সকলক লৈ দেখা সপোন তেওঁলোকে জীয়াই তুলিব। ১৯৭১-৭২ চনৰ পৰা আজিলৈ নিশ্চিতভাৱে বহু এনেকুৱা উদাহৰণ আছে যিয়ে দাঙি ধৰে, সাংবাদিক বা সংবাদ কৰ্মীৰ সহায়ত আমাৰ সমাজত কিমান ইতিবাচক কাম হৈছে। ই সাহস।

বৰ্তমানৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ দায়িত্বত থকা সাংবাদিক সকলৰ ৩ বছৰীয়া কাৰ্যকালৰ সময়সীমা ইতিমধ্যে অন্ত পৰিছে। স্বাভাৱিকতে আকৌ নিৰ্বাচন হব। অসমৰ স্বকীয় ঐতিহ্য আৰু দাঙি ধৰি নতুন কমিটি খনৰ নেতৃত্বত উপৰোক্ত বিষয় খিনি যদি আলোচনাৰ মজিয়ালৈ অনা হয়, আমাৰ সকলোৰেই বাবে শ্ৰেয়। যেতিয়া ১০০ বছৰীয়া হব গুৱাহাটী প্ৰেছ ক্লাৱ, আমি তাক লৈ অভিমান কৰিম। ভাল হওঁক। জয়তু গুৱাহাটী প্ৰেছ ক্লাৱ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply