নিউজ ডেস্ক: বিগত চাৰি দিন ধৰি ৰাছিয়াই চলাই অহা সামৰিক আক্ৰমণত বিধ্বস্ত হৈ পৰিছে চুবুৰীয়া দেশ ইউক্ৰেইন। ৰুছ সেনাবাহিনীয়ে ইউক্ৰেইনৰ ওপৰত সামৰিক অভিযান অধিক তীব্ৰতৰ কৰি তোলাত বিশ্বৰ বিভিন্ন দেশ ইউক্ৰেইনৰ সমৰ্থনত আগবাঢ়ি আহিছে।

ইউক্ৰইনৰ স্বাস্থ্য মন্ত্ৰ্যায়লে জনোৱা মতে বিগত দিন কেইটাত ৰাছিয়াৰ আক্ৰমণত দেশখনৰ ৩৫০ গৰাকী সাধাৰণ লোকে প্ৰাণ হেৰোৱাব লগা হৈছে। ইয়াৰ উপৰি ইউক্ৰেইনৰ পৰা ৩৬৮,০০০ গৰাকী লোকে দেশ ত্যাগ কৰি চুবুৰীয়া দেশসমূহলৈ পলায়ন কৰিছে, ইয়াৰে অধিক সংখ্যকেই পোলেণ্ডলৈ পলায়ন কৰা বুলি ৰাষ্ট্ৰসংঘৰ সূত্ৰত প্ৰকাশ।

ইয়াৰ মাজতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনক বহু কেইখন ৰাষ্ট্ৰই আগবঢ়াইছে সামৰিক সাহায্য। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান Aljazeeraত প্ৰকাশ পোৱা মতে ইউক্ৰেইনলৈ সামৰিক সাহায্য আগবঢ়োৱা দেশ কেইখন হৈছে –

আমেৰিকা যুক্তৰাষ্ট্ৰ – যোৱা ২৫ ফেব্ৰুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ইউক্ৰেইনক অতিৰিক্ত ভাৱে ৩৫০ মিলিয়ন মাৰ্কিন ডলাৰৰ অস্ত্ৰ যোগান ধৰা হ’ব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে বিগত এটা বছৰত মাৰ্কিন যুক্তৰাষ্টই ইউক্ৰেইনক ১ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক সামৰিক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

বৃটেইন – যোৱা জানুৱাৰী মাহত ইউ কেৰ প্ৰতিৰক্ষা সচিব বেন ৱেলেচে ইউক্ৰেইনলৈ ‘light anti-armour defensive weapon systems ‘ যোগান ধৰাৰ কথা ঘোষণা কৰিছিল। প্ৰধান মন্ত্ৰী বৰিছ জনছনে দেশখনৰ সংসদত ৰাছিয়াৰ বৰ্ধিত ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আৰু তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ইউক্ৰেইনক অধিক সামৰিক সাহায্য আগবঢ়োৱা হ’ব বুলি কয়।

ফ্ৰান্স – ফ্ৰান্সে ইতিমধ্যে ইউক্ৰেইনলৈ সাহায্য আগবঢ়াইছে, দেশখনে জনোৱা মতে ইউক্ৰেইনৰ পূৰ্বৰ অনুৰোধ মৰ্মে তেওঁলোকে অধিক অস্ত্ৰ আৰু ইন্ধন যোগান ধৰা আৰম্ভ কৰিছে।

ইউক্ৰেইনলৈ সামৰিক সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি অহা বাকী কেইখন দেশ হৈছে – নেডাৰলেণ্ড, জাৰ্মানি, কানাডা, চুইডেন, বেলজিয়াম, পৰ্টুগাল, গ্ৰীচ, ৰোমানিয়া, স্পেইন, চেক গণৰাজ্য।

লগতে পঢ়ক – কমাৰগাঁৱত প্ৰকাণ্ড গছ পৰি প্ৰাথমিক বিদ্যালয়ৰ দহজন ছাত্ৰ-ছাত্ৰী আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,129 other subscribers

Leave a comment

Leave a Reply Cancel reply