“মই ভাৰতীয় নহয়, মই পাঞ্জাৱীহে”
“আমাক আমাৰ পঞ্জাৱ ঘূৰাই লাগিব”
“ভাৰতৰ পৰাই নহয়, পাকিস্তানৰ পৰাও লাগিব আমাৰ পঞ্জাৱ”
এনে দাবীয়েই নহয়, দেশৰ গৃহমন্ত্ৰীকো হত্যাৰ ভাবুকি প্ৰদান কৰা এগৰাকী শিখ লোকক লৈ এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা। ক্ৰমাৎ অপ্ৰাসঙ্গিক হ’বলৈ ধৰা খালিস্তানে পুনৰ লাভ কৰিবলৈ লৈছে চৰ্চা। এই চৰ্চাৰ আঁৰৰ মানুহজন এতিয়া দেশৰ মোষ্ট ৱাণ্টেড। তেওঁ অমৃতপাল সিং।
“যেতিয়া দেশৰ সংবিধানে মোৰ পৰিচয়ত বিশ্বাস কৰিব, তেতিয়াহে ময়ো সংবিধানত বিশ্বাস কৰিম। মই ভাৰতীয় নহয়, মই এজন পাঞ্জাৱী। আমাৰ পঞ্জাৱে আগতে শাসন কৰা সমগ্ৰ অঞ্চলটো বিচাৰো আমি। কেৱল ভাৰতৰ পৰাই নহয়, পিছত আমি পাকিস্তানৰ পৰাও আজুৰি আনিম আমাৰ আপোন পঞ্জাৱ।”
সমগ্ৰ দেশ তোলপাৰ কৰা এটা বক্তব্য। অমৃতপাল সিং খালছা নামৰ এজন শিখ ব্যক্তিয়ে সংবাদ মাধ্যমক দিয়া এটা মন্তব্য। এই ব্যক্তিজনক খালিস্তানী নেতা জাৰ্ণেল সিং ভিন্দ্ৰনৱালে 210 বুলিও কোৱা হৈছে। আনহাতে একাংশ দাবী কৰিছে যে এয়া ইচ্ছাকৃতভাৱে দি লোৱা নাম।

বাৰু যি কি নহওক, ‘ৱাৰিছ পঞ্জাৱ দে’ নামৰ সংগঠনটোৰ মূৰব্বী আৰু খালিস্তানী নেতা অমৃতপাল সিংনো কোন সেই বিষয়ে জানিবলৈ এতিয়া সকলো উৎসুক। আপোনালোকে স্ক্ৰীণত দেখা এইগৰাকী অমৃতপাল সিঙে এসময়ত বাস কৰিছিল ডুবাইত। ৩০ বছৰীয়া অমৃতপাল সিং কাহানিও গোড়া শিখ নাছিল। ‘ৱাৰ্ছি পঞ্জাব দে’ৰ মূৰব্বী হোৱাৰ পাছতহে তেওঁ খালিস্তানী ভাবাদৰ্শৰ প্ৰতি আৰু বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰ প্ৰতি আকৃষ্ট হয়। এইগৰাকী বিচ্ছিন্নতাবাদী নেতা অমৃতপালৰ ঘৰ পঞ্জাবৰ জলন্ধৰত।
২০২২ চনৰ ফেব্ৰুৱাৰীলৈকে ডুবাইতে বাস কৰিছিল অমৃতপাল। তাতেই কোনো আত্মীয়ৰ পৰিবহণ ব্যৱসায়ত সহায় কৰিছিল। কিন্তু পূৰ্বৰ খালিস্তানী নেতাসকলৰ নিচিনাকৈ তেওঁ গোড়া শিখৰ জীৱন অনুসৰণ কৰা নাছিল। তেওঁ মূৰত নামাৰিছিল পাগুৰী। হেয়াৰ কাট আছিল চৌখিন। ছ’চিয়েল মিডিয়াতো খুবেই সক্ৰিয় আছিল অমৃতপাল।

কিন্তু ২০২২ চনৰ ১৫ ফেব্ৰুৱাৰীয়ে অমৃতপালৰ জীৱনলৈ আনিছিল অস্বাভাৱিক পৰিৱৰ্তন। ইয়াৰ পিছতে জীৱনে লয় ইউ টাৰ্ণ। এই দিনটোতেই ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মূৰব্বী আৰু পঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ এটা পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। অমৃতপালৰ দৰে দীপ সিদ্ধুও গোড়া শিখ নাছিল। কৃষকসকলৰ আন্দোলনৰ সময়ত ২০২১ চনৰ ২৬ জানুৱাৰীত দিল্লীৰ লাল কিল্লাত নিচান চাহিব উত্তোলন কৰি সিদ্ধু ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত নাম হৈ পৰিছিল। ইয়াৰ পিছতে তেওঁ ২০২১ চনৰ ছেপ্টেম্বৰত ৱাৰিছ পঞ্জাব দে’ আৰম্ভ কৰে পঞ্জাবৰ অধিকাৰ আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে যুঁজিবলৈ এটা সামাজিক সংগঠন হিচাপে।

দুৰ্ঘটনাত সিদ্ধু নিহত হোৱাৰ পাছত হঠাতে পঞ্জাবত হঠাৎ আৱিৰ্ভাৱ হয় অমৃতপাল সিং আৰু ৰহস্যজনকভাৱে তেওঁক ‘ৱাৰিছ পঞ্জাৱ দে’ৰ পৰৱৰ্তী মূৰব্বী হিচাপে ঘোষণা কৰা হয়। ২০২২ চনৰ ২৯ ছেপ্টেম্বৰত মোগা জিলাৰ ৰোদ গাঁৱত অনুষ্ঠিত এটা অনুষ্ঠানত অমৃতপালক তেওঁৰ সমৰ্থসকলে ৱাৰিছৰ পৰৱৰ্তী মুৰব্বী হিচাপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে সেই গাঁওখন আছিল জাৰ্মাইল সিং ভিন্দ্ৰনৱালেৰ। ৱাৰ্ছিৰ মুৰব্বী হোৱাৰ পাছত অমৃতপালে ভিন্দ্ৰনৱালেৰ দৰে সাজ-পোছাক পিন্ধিবলৈ লয় আৰু ঠিক ভিন্দ্ৰনৱালেৰ কাম-কাজৰ অনুকৰণেৰেই সংগঠনটোৰ সম্প্ৰসাৰণ ঘটাই বহু কম বয়সীয়া লোকক খালছা ব্যৱস্থালৈ আনে।
কেৱল সেয়াই নহয়, অমৃতপালে তেওঁৰ সহযোগী লাভপ্রীত সিং তুফানৰ মুক্তিৰ দাবীত সমৰ্থকসকলৰ সৈতে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ অমৃতসৰৰ ওচৰৰ আজনালা আৰক্ষী থানাত ২৪ ফেব্ৰুৱাৰীত অতর্কিতে প্ৰৱেশ কৰে আৰু আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয়। ইয়াৰ পিছতে দেশজুৰি চৰ্চালৈ আহে অমৃতপাল সিং। অমৃতপালৰ ধাৰাবাহিক চাঁপতেই অপহৰণৰ গোচৰ এটাত আটক কৰা লাভপ্রীতক পিছদিনাই মুকলি কৰি দিবলৈ বাধ্য হয় পঞ্জাৱ পুলিচ। উল্লেখ্য যে আৰক্ষী থানাত লগা সংঘৰ্ষত আৰক্ষীৰ ছজনকৈ লোক আহত হৈছিল। কেৱল সেয়াই নহয়, প্রাক্তন প্রধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ দৰে হত্যা কৰা হ’ব বুলি তেওঁ গৃহ মন্ত্ৰী অমিত শ্বাহকো ভাবুকি দিছিল।

এসময়ত ডুবাইত ট্রাকচালক হিচাপে কাম কৰা অমৃতপালৰ জন্ম ১৯৯৩ চনৰ ১৭ জানুৱাৰীত। মাত্ৰ দ্বাদশ শ্রেণীলৈকে পঢ়া অমৃতপালে মুকলিভাৱে খালিস্তানৰ সমৰ্থন কৰে আৰু খালিস্তানী উগ্রপন্থী জানাইল সিং ভিন্দ্ৰনৱালেক নিজৰ আদৰ্শ হিচাপে জ্ঞান কৰে। উল্লেখ্য যে ১৯৮৪ চনৰ অপাৰেশ্যন বুষ্টাৰত নিহত হৈছিল ভিন্দ্ৰনৱালে। ইমানেই আচিল অমৃতপালৰ পৰিচয়। পিছে হঠাৎ Assam Connection ওলাইছে।
খবৰ আহিছে যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আছে অমৃতপালৰ একাংশ সহায়ক। এই সহায়কসকলক চিনাক্ত কৰিবলৈকে পঞ্জাৱৰ পৰা অমৃতপালৰ খুৰাক হৰজিৎ সিঙসহ আন এগৰাকী লোকক লৈ পঞ্জাৱ আৰক্ষী উপস্থিত হৈছে অসমত। আজিৰ ক্ৰাইম ফাইলছৰ প্ৰথমটো খণ্ডত আছিল ইমানেই। পৰৱৰ্তী খণ্ডত চাবলৈ পাব আন এক শিঁহৰণকাৰী আৰু চৰ্চিত অপৰাধৰ কাহিনী। প্ৰতি মঙলবাৰে চাই থাকিব ক্ৰাইম ফাইলছ।