গুৱাহাটী : মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহা। মহাৰাষ্ট্ৰৰ উদ্ধাৱ থাকৰেৰ চৰকাৰ মহা সংকটত পৰিছে। মহাৰাষ্ট্ৰত পতন ঘটিব পাৰে উদ্ধাৱ থাকৰেৰে চৰকাৰ। উদ্ধাৱ থাকৰেৰ অতিকৈ ঘনিষ্ঠ একনাথ সিন্ধেৰ নেতৃত্বত আৰম্ভ হৈছে উদ্ধাৱ থাকৰেৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ।
মহাৰাষ্ট্ৰৰ উদ্ধাৱ থাকৰেৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে উদ্ধাৱ থাকৰেৰ অতিকৈ ঘনিষ্ঠ একনাথ সিন্ধে। শিৱ সেনাৰ ৪০ গৰাকী বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰি একনাথ সিন্ধে উদ্ধাৱ থাকৰেৰ চৰকাৰৰ পতন ঘটাবলৈ বিসম্বাদ আৰম্ভ কৰিছে।
মহাৰাষ্ট্ৰৰ উদ্ধাৱ থাকৰেৰ চৰকাৰলৈ সংকট নমাই অনা একনাথ সিন্ধে কোন ? একনাথ সিন্ধেৰ জন্ম হৈছিল ৯ ফেব্ৰুৱাৰী ১৯৬৪ চনত। একনাথ সিন্ধে মহাৰাষ্ট্ৰৰ থানেৰ কোপৰি-পাচপাখাদী সমষ্টিৰ পৰা শিৱসেনাৰ বিধায়ক। এই সমষ্টিটোৰ পৰা ২০০৪, ২০০৯, ২০১৪ আৰু ২০১৯ চনত চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে একনাথ সিন্ধে।
একনাথ সিন্ধে থানেৰ মংগলা হাইস্কুল আৰু জুনিয়ৰ কলেজত ১১ ম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে জীৱিকা উপাৰ্জনৰ কৰিবলৈ শিক্ষা ত্যাগ কৰিবলগীয়া হৈছিল একনাথ সিন্ধে। দৈনিক মজুৰিৰ আৰু সৰু শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল পোহপাল দিছিল একনাথ সিন্ধে। অটো ৰিক্সা চালক হিচাপেও কাম কৰিছিল একনাথ সিন্ধে।
শিৱসেনাৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত হৈ শিৱসেনাৰ থানে জিলা প্ৰধান আনন্দ দিঘেৰ প্ৰভাৱ আৰু তত্ত্বাৱধানত ১৯৮০ চনত শিৱসেনাত যোগদান কৰিছিল একনাথ সিন্ধে। শিৱসেনাৰ তৃণমূল পৰ্যায়ৰ কর্মী হিচাপে কাম কৰা একনাথ সিন্ধে পৰৱৰ্তী সময়ত তেওঁৰ আন্তৰিকতা আৰু কঠোৰ পৰিশ্ৰমে বালাচাহেব থাকৰেৰ দৃষ্টি আকৰ্ষণ কৰে। আনন্দ দিঘে আৰু বালাচাহেব থাকৰেৰ পৃষ্ঠপোষকতাত দলৰ শাৰীত উত্থান ঘটাই দলটোৰ বহু গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্ব লাভ কৰিছিল একনাথ সিন্ধে।
মহাৰাষ্ট্ৰৰ বিজেপি আৰু শিৱসেনা মিত্ৰজোঁটৰ চৰকাৰত দেৱেন্দ্ৰ ফাডনাভিছৰ অধীনত ৰাজ্য চৰকাৰৰ মন্ত্ৰী হবলৈ সক্ষম হৈছিল একনাথ সিন্ধে। ২০১৪ চনত মন্ত্ৰী হোৱাৰ পিছত পুনৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ যশৱন্ত্ৰ চাৱন মুক্ত বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে একনাথ সিন্ধে। অসমত একনাথ সিন্ধে চৰ্চালৈ আহে শিৱসেনাৰ ৪০ গৰাকী বিধায়কক লগতলৈ গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলত বাহৰ পতাত।
লগতে পঢ়ক – অম্বুবাচী মেলালৈ অহা ভক্তৰ দেহত ক’ভিড
মহাৰাষ্ট্ৰৰ ৰাজনীতি অস্থিত কৰি কেইবাদিনো গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলত বাহৰ পাতি থকাৰ পিছত একনাথ সিন্ধে শিৱসেনাৰ বিসম্বাদী বিধায়ক সকলৰ লগত শুকুৰবাৰে উভতি যায় মুম্বাইলৈ। একনাথ সিন্ধে তেওঁৰ লগত ৪৯ গৰাকী বিধায়ক থকা বুলি মহাৰাষ্ট্ৰৰ উপাধ্যক্ষলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে। একনাথ সিন্ধে শিৱসেনাৰ বিসম্বাদী বিধায়ক সকলকলৈ মুম্বাইলৈ উভতি যোৱাটো মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব পাৰে।