নিউজ ডেস্ক – অচিৰেই মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব৷ আগন্তুক কেবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভা ৰদ-বদল আৰু সম্প্ৰসাৰণৰ বাবে যো-জা চলাইছে৷
ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ পাৰদিৰ্শতাৰ সন্দৰ্ভত খতিয়ান লোৱাৰ কাম আৰম্ভ কৰিছে৷ উল্লখ্য যে, চলিত বৰ্ষৰ শেষৰ ফালে গুজৰাট আৰু হিমাচল প্ৰদেশত বিধানসভা নিবাৰ্চন অনুষ্ঠিত হ’ব৷ আনহাতে,২০২২ বৰ্ষৰ মাৰ্চত মেঘালয়, নগালেণ্ড, ত্ৰিপুৰাত, মে’ মাহত কৰ্ণাটকত আৰু ডিচেম্বৰ মাহত ছট্টিশগড়, মধ্যপ্ৰদেশ, মিজোৰাম, ৰাজস্তান আৰু তেলেংগানাত বিধানসভাৰ নিবাৰ্চন অনুষ্ঠিত হ’ব৷ ইয়াৰ পাছতেই ২০২৪ চনৰ মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হ’ব লোক সভাৰ নিবাৰ্চন৷
সেয়েহে কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিবাৰ্চনৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰীজনে মন্ত্ৰীসভা সম্প্ৰসাৰণ তথা ৰদ-বদলৰ প্ৰস্তুতি চলাইছে৷ তথ্য অনুসৰি, অচিৰেই হ’ব লগীয়া এই সম্প্ৰসাৰণত বৰ্তমানৰ কেইবাজনো মন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা বাদ দিয়া হ’ব৷
আনহাতে বহুকেইজন মন্ত্ৰীৰ দপ্তৰ সলনি কৰা হ’ব৷ বিশেষকৈ বিধানসভাৰ নিবাৰ্চন অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যসমূহৰ একাধিক সাংসদক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰোৱা হ’ব। এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু এগৰাকী সাংসদক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰোৱাৰ সম্ভাৱনা আছে৷
ইয়াৰ বিপৰীতে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি থকা সৰ্বানন্দ সোণোৱালক আৰু অধিক গুৰুত্বপূৰ্ণ দপ্তৰ প্ৰদান কৰা হ’ব পাৰে৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্ত্ৰীত্বক লৈ অনিশ্চয়তা আৰম্ভ হৈছে৷ এইবাৰ তেলীক মন্ত্ৰীসভাৰ পৰা বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ আন এজন সাংসদক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
শেহতীয়াকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এন পি পি দলৰ সাংসদ তথা তেওঁৰেই ভগ্নী আগাথা চাংমাক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ বাবে দাবী উত্থাপন কৰিছে৷ আনকি বিজেপিক হেঁচা প্ৰদান কৰাৰ অৰ্থে মুখ্যমন্ত্ৰী চাংমাই অনাগত বিধানসভা নিবাৰ্চনত বিজেপিৰ সৈতে মিত্ৰতা নকৰাৰো হুংকাৰ দিছে৷
এনে পৰিস্থিতিত এন পি পিৰ সাংসদ আগাথা চাংমাক মন্ত্ৰীত্ব দি মোদীয়ে উত্তৰ-পূৱত নিজৰ শক্তি বৃদ্ধি কৰাটো নিশ্চিত। যদিহে এন পি পিৰ দাবী মানি আগাথা চাংমাক মন্ত্ৰীত্ব প্ৰদান কৰে, তেন্তে ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা বাদ পৰাটো একপ্ৰকাৰ নিশ্চিত৷
অৱশ্যে সময়েহে ক’ব প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ পৰা কাক কাক বাদ দিব বা কাক কাক নতুনকৈ অন্তৰ্ভুক্ত কৰিব৷ কিন্তু এটা কথা ঠিক যে অনাগত কেইবাখনো ৰাজ্যৰ বিধানসভা নিবাৰ্চন আৰু লোক সভা নিবাৰ্চনৰ প্ৰতি লক্ষ্য ৰাখিয়েই মোদীয়ে তেওঁৰ মন্ত্ৰীসভাখন এইবাৰ সাল-সলনি কৰিব৷