নিউজ ডেস্ক : ভাৰতৰ পাইকাৰী মুদ্রাস্ফীতি হাৰ হ্ৰাস পাইছে । এই মুদ্রাস্ফীতিৰ হাৰ হ্রাস পাই এপ্ৰিলত ইয়াৰ হাৰ -০.৯২ শতাংশ হৈছে। ইয়াৰ আগতে ২০২৩ চনৰ মাৰ্চত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ১.৩৪ শতাংশ। ফেব্ৰুৱাৰীত এই হাৰ আছিল ৩.৮৫ শতাংশ।

তথ্য অনুসৰি একেৰাহে ১১ মাহ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ হ্ৰাস পাই আহিছে। ২০২০ চনৰ জুনত ডব্লিউ পি আই ইয়াতকৈ কম আছিল। তেতিয়া পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল – ১.৮১ শতাংশ। খাদ্য সামগ্ৰী, ইন্ধন আৰু বিদ্যুতৰ দাম হ্ৰাস পোৱা বাবেই পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে ২০২০ চনৰ জুনৰ পাছত প্ৰথমবাৰ পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ ০ শতাংশৰ কম হৈছে। অৰ্থাৎ প্রায় তিনিবছৰৰ ভিতৰত পাইকাৰী মুদ্রাস্ফীতি সর্বনিম্ন হ’ল। এপ্ৰিলত খাদ্যৰ পাইকাৰী মুদ্রাস্ফীতি ২.৩২ শতাংশৰ পৰা ০.১৭ শতাংশলৈ হ্ৰাস পালে । তেনেদৰে দৈনন্দিন প্রয়োজনীয় সামগ্রী মুদ্রাস্ফীতি ২.৪০ শতাংশৰ পৰা ১.৬০ শতাংশলৈ হ্ৰাস পালে। ইন্ধন আৰু বিদ্যুতৰ মুদ্রাস্ফীতি ৯.৯৬ শতাংশৰ পৰা হ্রাস পালে ০.৯৩ শতাংশলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply