নিউজ ডেস্ক: বহু বছৰৰ পিছত উত্তৰ-পূৱত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে সেনা মোতায়েনৰ খবৰ আহিছে। উত্তৰ-পূৱৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য মণিপুৰত এটা বিশেষ বিষয়ক লৈ সৃষ্টি হৈছে ইটোৰ পিছত সিটো হিংসাত্মক কাৰ্যকলাপ। ৰাজ্যখনৰ এখন বিশেষ জিলাত দেখা মাত্ৰকেই গুলীওৱাৰ নিৰ্দেশ আহিছে, ইখনৰ পিছত সিখন গাড়ী জ্বলি ছাই হৈ গৈছে। পথত টহল দিছে সেনাৰ দলে। গৃহমন্ত্ৰী অমিত শ্বাহৰ টুইট ফ্লেশ্ব হৈছে, মণিপুৰত নামিছে সেনাৰ হেলিকপ্তাৰ, প্ৰতিবাদকাৰীৰ দীঘলীয়া মিছিলে কঁপাইছে ৰাজ্য। পিছে ইয়াৰ আঁৰৰ কাৰণবোৰনো কি? কিয় সৃষ্টি হৈছে মণিপুৰৰ দৰে শান্তি ভাল পোৱা ৰাজ্য ৰাজ্য এখনত হিংসাৰ দাবানল?
ৰাজ্যখনত মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভৰ বাবে এক দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি আহিছিল। বিষয় আদালতৰ মঁজিয়া পৰ্যন্ত পাইছেগৈ। পিছে মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক দিয়া এক নিৰ্দেশে সমগ্ৰ ৰাজ্যখনকে এতিয়া জোকাৰি গৈছে।
ঘটনাটো ১৯ এপ্ৰিলৰ। উক্ত দিনা মণিপুৰ উচ্চ ন্যায়ালয়ে এক আদেশত প্ৰদান কৰি মণিপুৰ চৰকাৰক কয় যে “মেইইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদনকাৰীৰ গোচৰটো ক্ষিপ্ৰতাৰে অতিমকেও চাৰি সপ্তাহৰ ভিতৰত বিবেচনা কৰিব লাগে”।
ইয়াৰ পিছতেই মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ হাজাৰ হাজাৰ জনজাতীয় লোকে সংখ্যাগৰিষ্ঠ মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতি বা এছটি শিতানত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপৰ প্ৰতিবাদত ৰাজ্যৰ দহখন পাহাৰীয়া জিলাৰ আটাইকেইখন ছাত্ৰ সংগঠনে আহ্বান জনোৱা ‘সংহতি পদযাত্ৰা’ত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে ৰাজ্যখনৰ ৫৩ শতাংশ জনসংখ্যাৰ মেইটেসকলে ৰাজ্যখনৰ প্ৰায় এক দশমাংশ ভূমিৰ মণিপুৰত বাস কৰে আৰু ম্যানমাৰ আৰু বাংলাদেশীৰ বৃহৎ পৰিসৰৰ অবৈধ অনুপ্ৰৱেশৰ বাবে তেওঁলোকে কষ্টৰ সন্মুখীন হোৱা বুলি দাবী কৰি আহিছে। আনহাতে ৰাজ্যখনৰ অধিকাংশ ভূখণ্ড সামৰি লোৱা পাহাৰীয়া জিলাসমূহত নগা আৰু কুকি জনজাতিকে ধৰি জনজাতীয় লোকৰ বসতি বেছি৷
উল্লেখ্য যে এছ টি মৰ্যাদাৰ চাহিদাৰ প্ৰতি সঁহাৰি জনাই অনা-মেইটেইসকলে এক গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰি কৈছে যে মেইটেইসকলৰ এছ চি আৰু অ’বিচিৰ মৰ্যাদাও আছে। তেনে এক পৰিস্থিতিত কিয় এছটিৰ মৰ্যাদা পাব মেইটেইসকলে?
বিগত ১৯ এপ্ৰিলৰ পৰা আজিলৈ ১৬ টা দিন অতিক্ৰম কৰিছে। বিগত ৫টা দিনত মণিপুৰত এই বিষয়টোৱে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। বৃহস্পতিবাৰে পুৱাই সেনাবাহিনীৰ হেলিকপ্তাৰ মণিপুৰত অৱতৰণ কৰি জিলাখনৰ পৰা ৭৫০০ৰো অধিক লোকক উদ্ধাৰ কৰিবৰ বাবে অভিযান চলোৱা হৈছে। ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ জোৱানে ৰাজ্যখনত আইন-শৃংখলা পুনৰুদ্ধাৰৰ সাম্ভাৱ্য সকলো প্ৰকাৰৰ চেষ্টা কৰিছে আৰু ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈছে বুলি খবৰো আহিছে। শেহতীয়া এক খবৰ অনুসৰি ‘দেখা মাত্ৰকে গুলীওৱা’ৰ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যৰ গৃহ বিভাগৰ আয়ুক্তই। ১৪৪ ধাৰা আৰোপ কৰি ৰাজ্যখনৰ আঠখন জিলাত জাৰি কৰা হৈছে সান্ধ্য আইন। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ সৈতে কথা পাতি শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনাও কৰিছে। ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে ৰাজ্যখনত।
কিয় হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ’ল?
ইম্ফল উপত্যকাৰ প্ৰভাৱশালী অজনজাতীয় মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা দাবী কৰিবলৈ চুৰাচান্দপুৰ জিলাৰ টৰবাং অঞ্চলত সৰ্বজনজাতি ছাত্ৰ সন্থা মণিপুৰে আহ্বান জনোৱা ‘জনজাতি সংহতি মাৰ্চ’ৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, এই সমাৱেশত হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে অংশগ্ৰহণ কৰে, য’ত টৰবুং অঞ্চলত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত হিংসাত্মক পৰিস্থিতিৰ বাতৰি পোৱা গৈছিল।
উল্লেখ্য যে ইম্ফল পশ্চিম জিলাৰ কাঞ্চিপুৰাম আৰু উপত্যকাৰ ইম্ফল পূবৰ সোইবাম লিকাইত প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে সমবেত হোৱা দেখা গৈছিল যদিও শেহতীয়াকৈ পৰিস্থিতি শাম কাটিছে।
উল্লেখ্য যে এই জিলাসমূহত জাৰি কৰা কাৰ্ফিউ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অজনজাতি প্ৰধান পশ্চিম ইম্ফল, কাকচিং, থৌবাল, জিৰিবাম আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় প্ৰধান চুৰাচান্দপুৰ, কংপোকপি আৰু টেঙনৌপাল জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে।
ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে ৪০০০ গাঁওবাসী। এই ৪০০০ গাঁওবাসীক সেনা আৰু অসম ৰাইফলছৰ চি অ’ বি আৰু ৰাজ্য চৰকাৰৰ চৌহদত আশ্ৰয় দিয়া হৈছে। একে সময়তে ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ফ্লেগ মাৰ্ছ কৰা হৈছে।
উত্তৰ-পূৱৰ ৰাজ্য হিচাপে মণিপুৰৰ এনে এক অগ্নিগৰ্ভা পৰিস্থিতিয়ে অসমতো দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীৰ বিষয়বোৰ যেন এনে এক পৰিস্থিতিলৈ লৈ নাযায় তাৰ বাবে ৰাজ্য চৰকাৰ সতৰ্ক থাকিব লাগিব আৰু এনে এক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পূৰ্বেই ইয়াৰ শান্তিপূৰ্ণ সমাধান আনিব লাগিব।