নিউজ ডেস্ক: বৰ্তমান সময়ত বহুতৰে চুলি সমস্যা হোৱা দেখা যায়। বহু লোকে এই সমস্যাৰ বাবে ঘৰুৱা উপায় গ্ৰহন কৰে আকৌ বহুতে বহু ধৰণৰ ৰাসায়ণিক দ্ৰব্য লগতে বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট গ্ৰহন কৰে। এই সমুহৰ উপৰিও আপুনি চুলি ট্ৰিমিং কৰিব পাৰে।

চুলি ট্রিমিং কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ ফলত আপোনাৰ চুলি ফটাত বাধা দিয়ে । ইয়াৰ উপৰিও চুলিৰ বৃদ্ধি পায় কাৰণ যিবোৰ চুলি ক্ষতিগ্রস্ত হয় সেইবোৰ আৰু বাঢ়ি নাযায় ফলত বাকী চুলিবোৰৰো ক্ষতি হয় । এনে পৰিস্থিতিত সময়ে সময়ে চুলি ট্রিমিং কৰিলে চুলিক নতুন ধৰণে গজিবলৈ সুযোগ পোৱা যায় ।

কেৱল এইটোৱেই নহয়, চুলি ট্রিমিং কৰি বিভিন্ন ধৰণৰ ষ্টাইল কৰিব পাৰি। গতিকে এই সকলোবোৰ সুবিধাৰ বাবে মাজে মাজে চুলিখিনি ট্ৰিম কৰি থাকিব লাগে ।

গতিকে চুলি সুস্থ কৰি ৰাখিবলৈ ২ৰ পৰা ৩ মাহৰ মূৰে মূৰে কাটিব লাগে । চুলিৰ বৃদ্ধি হৈ থকাৰ লগতে আৰু আপুনি ইয়াৰ ভালদৰে যত্ন ল’ব পাৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply