বিশ্বনাথ : বিশ্বনাথত বনৰীয়া ম’হৰ আতংক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে বনৰীয়া ম’হ। বিশ্বনাথ ঘাটত আশ্ৰয় লৈ আছে বনৰীয়া ম’হৰ এটা বৃহৎ জাক।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া ম’হৰ এটা বৃহৎ জাকে বিশ্বনাথ ঘাটত আতংকৰ সৃষ্টি কৰিছে। জাকটোত প্ৰায় ১৩ টা বনৰীয়া ম’হ থকা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – বোকাখাতৰ Best Academyত ব্ৰীজ ক’ৰ্চ ও বিনামূলীয়া কেৰিয়াৰ কাউঞ্চেলিঙৰ কৰ্মশালা
পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ম’হৰ জাকটো বিশ্বনাথ ঘাটৰ ডাকঘৰৰ সমীপত আশ্ৰয় লৈছে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে।