নিউজ ডেস্কঃ আহি আছে ওম ৰাউতৰ পৰিচালনাৰে নিৰ্মিত ছবি আদিপুৰুষ। চলিত সপ্তাহৰ শুক্ৰবাৰে ছবিগৃহ মুক্তি পাব উক্ত ছবিখন। ইতিমধ্যেই ছবিখনে বহু ট্ৰ’লৰ সন্মুখীন হৈছে যদিও সমান্তৰাল ভাৱে বহু জনপ্ৰিয়তাও লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনত দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাস ভগৱান ৰামৰ চৰিত্ৰত, কৃতি চাননক সীতাৰ চৰিত্ৰত আৰু চেইফ আলী খানক ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে।

আদিপুৰুষৰ এনে জনপ্ৰিয়তাৰ অসমৰ ছবিগৃহত চলি আছে ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি। ছবিখনে যথেষ্ঠ ভাল সহাঁৰি পাইছে দৰ্শকৰ পৰা। মাত্ৰ প্ৰথমটো সপ্তাহত ছবিখনে ৩.৩ কোটি টকাৰ উপাৰ্জন কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ লগতে দেওবাৰে মাত্ৰ এদিনতেই ৮০.৫ লাখতকৈ অধিক উপাৰ্জন কৰিছে।

শ্ৰী ৰঘুপতি ছবিখনৰ মুক্তিৰ দিনতকৈ তিনি পলমকৈ ছবিগৃহত মুক্তি লাভ কৰিছিল। যাৰ ফলত ক’বলৈ গ’লে এটা মোটা ধনৰ অংশ লোকচান খাবলীয়াও দৰেও হৈছে। যিয়ে নহওক তিনিদিন পলমকৈ মুক্তি লাভ কৰিলেও দৰ্শকৰ যথেষ্ঠ সহাঁৰি পোৱা দেখা গৈছে।

ৰঘুপতিৰ এনে সফলতাৰ পথত দক্ষিণৰ চুপাৰষ্টাৰ অভিনীত প্ৰভাসৰ আদিপুৰুষ শুক্ৰবাৰৰ পৰা বাধা হৈ পৰিব নেকি এনে প্ৰশ্ন এতিয়া উত্থাপন হৈছে সচেতন ছবি প্ৰেমীৰ মাজত। আদিপুৰুষৰ জনপ্ৰিয়তা দেখি এতিয়া এনে এক অনুমান কৰিব পাৰি যে ছবিখনে লাভ কৰিব যথেষ্ট দৰ্শনীৰ বাবে সময়। অসমতো যদি এনে হয় তেতিয়া নিশ্চিয় সফলতাৰ পথত আদিপুৰুষ বাধা হৈ পৰিব পাৰে  শ্ৰী ৰঘুপতিৰ বাবে।

বৰ্তমানলৈকে ছবিগৃহত আদিপুৰুষৰ টিকট মুকলি নকৰাৰ বাবে স্পষ্ট মন্তব্য দিয়াটো কঠিন। এই ক্ষেত্ৰত অসমীয়া ছবিগৃহৰ মালিক সন্থাই কিদৰে পদক্ষেপ গ্ৰহণ কৰে সেইয়া পৰৱৰ্তি সময়ত লক্ষণীয় হ’ব।

লগতে পঢ়ক – কলিয়াবৰ মহাবিদ্যালয়ৰ IQAC ৰ উদ্যোগত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আয়োজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply