নিউজ ডেস্ক- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ বাবে নতুন দিল্লী ভ্ৰমণ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন আৰু জাৰ্মানীৰ ফেডাৰেল প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্ট’ৰিয়াছে। 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিবৰ সৈতে ৫ জুনত আৰু  জাৰ্মানীৰ ফেডাৰেল প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে ৬ জুনত বৈঠক অনুষ্ঠিত হ’ব। ঔদ্যোগিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বহুতো বিষয় এই দুয়োখন বৈঠকত আলোচনা কৰা হ’ব।

৪ জুনত ছিংগাপুৰৰ পৰা দুদিনীয়া ভ্ৰমণত উপস্থিত হ’ব আমেৰিকাৰ প্ৰতিৰক্ষা সচিব। এয়া হ’ব সচিব অষ্টিনৰ দ্বিতীয়টো ভাৰত ভ্ৰমণ, ইয়াৰ পূৰ্বে তেওঁ ২০২১ চনৰ মাৰ্চ মাহত ভাৰত ভ্ৰমণ কৰিছিল।

জাৰ্মানীৰ ফেডাৰেল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৫ জুনৰ পৰা চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ যাব। তেওঁ ইণ্ডোনেছিয়াৰ পৰা আহিব। ৭ জুনত তেওঁ মুম্বাইলৈ যাব য’ত তেওঁ মুখ্য কাৰ্যালয়, পশ্চিম নৌসেনা কমাণ্ড আৰু মাজাগন ডক শ্বিপবিল্ডাৰ্ছ লিমিটেড ভ্ৰমণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply