গুৱাহাটী: দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে অসম কেবিনেটে ৰাজহুৱা সেৱা প্ৰদানৰ উন্নতিৰ বাবে এটা আয়োগ গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বিজেপি নিয়ন্ত্ৰাধীন চৰকাৰখনে এক লাখ চাকৰি প্ৰদানৰ যি প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ অংশ হিচাপে চৰকাৰী খণ্ডত ৫১,৩৯৭ টা চৰকাৰী পদৰ বাবে নিযুক্তিৰ পৰীক্ষাৰ ফলাফল ৬ মে’ত ঘোষণা কৰাৰ বাবেও সময় নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, এই পদসমূহৰ ভিতৰত ১৪,২৮১ টা চতুৰ্থ শ্ৰেণী, ১১, ৩৪৬ শ্ৰেণীত, শিক্ষা বিভাগত ১৪,২৪১ টা আৰু আৰক্ষী বাহিনীত ৫,৭৩০ টা। তেওঁ পুনৰ জনাই যে, “এই পদসমূহৰ বাবে সফল প্ৰাৰ্থীসকলক ১০-২০ মে’ৰ ভিতৰত গুৱাহাটীত এক অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। এই পদসমূহৰ সৈতে, আমি চৰকাৰী চাকৰি প্ৰদানৰ ক্ষেত্ৰত ৯৪০০০ ৰ সীমাত উপনীত হ’ম। আমি জুনৰ ভিতৰত বাকী ৬,০০০ প্ৰদান কৰিব বুলি আশা কৰিছো।

বৈঠকৰ পিছত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয়,  “আজি কেবিনেটে অসম ৰাজহুৱা সেৱাৰ অধিকাৰ (সংশোধনী) অধ্যাদেশ,২০২৩ৰ অনুমোদন জনাইছে।” আয়োগটো মুখ্য আয়ুক্তৰ সৈতে এক স্বতন্ত্ৰ অৰ্ধ-ন্যায়িক তিনি জনীয়া সংস্থা হ’ব। তেওঁ কয়,  “ই ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত অসমক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তুলিব।”

পুনৰ তেওঁ কয় যে, চাহ জনজাতিসকলৰ কল্যাণ বিভাগ আৰু সঞ্চালকালয়ৰ নাম চাহ জনজাতি আৰু আদিবাসী কল্যাণ হিচাপে নামাকৰণ কৰা হ’ব’। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত ওদালগুৰি জিলাৰ বাবে পথ,  দলং,  শিক্ষানুষ্ঠান আৰু অন্যান্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ অনুমোদন জনাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply