গুৱাহাটী : মহানগৰী গুৱাহাটীৰ চান্দমাৰী উৰণীয়া সেঁতুৰ ওপৰত চাঞ্চল্যৰ ঘটনা। চান্দমাৰী উৰণীয়া সেঁতুৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ। ৰাইজৰ আটক কৰি মহিলা গৰাকীক গতাই দিয়ে আৰক্ষীক।
বুধবাৰে পুৱাৰ ভাগতে মহানগৰীৰ চান্দমাৰী উৰণীয়া সেঁতুৰ ওপৰত এক চাঞ্চল্যৰ ঘটনা সংঘটিত হয়। এগৰাকী মহিলাই চান্দমাৰী উৰণীয়া সেঁতুৰ ওপৰেৰে জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই চাঞ্চল্যৰ।
লগতে পঢ়ক – ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত স্থান দখলেৰে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰ্ণালী গগৈয়ে
আত্মহত্যাৰ চেষ্টা চলোৱা মহিলা গৰাকীক ৰাইজৰ উদ্ধাৰ কৰি চান্দমাৰী আৰক্ষীক গতাই দিয়ে। মহিলা গৰাকীয়ে অভিযোগ কৰে যে স্বামীৰ নিৰ্যাতনৰ বাবেই মহিলা গৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলায়।