গুৱাহাটী- বামুণীমৈদামৰ জ্যোতিনগৰৰ গণেশ নগৰ শঙ্কৰ মাধৱ পথত এক শোকাৱহ ঘটনা সংঘটিত হয়। জাৱৰ পেলাবলৈ গৈ জাৱৰৰ গাঁতত পৰি মৃত্যু হয় এগৰাকী মহিলাৰ।
উল্লেখ্য যে, ঘৰৰ পেলনীয়া জাৱৰ পেলাবলৈ গৈ অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লগা হয় অলকা শৰ্মা (৫৬) নামৰ মহিলাগৰাকীয়ে।
জানিব পৰা মতে, কালি পুৱা মহিলাগৰাকীয়ে ঘৰৰ চৌহদতে থকা জাৱৰ পেলাবলৈ ব্যৱহাৰ কৰা প্ৰায় পাঁচ ফুট দ’ কুৱা এটাত জাৱৰ পেলাবলৈ যায়। সেই সময়ত জাৱৰৰ দমটোৰ পৰা জুই জ্বলি আছিল। তেনে সময়তে মহিলাগৰাকীৰ মোবাইল ফোনটো জাৱৰৰ গাঁতটোত পৰি যায়। তেওঁ মোবাইল ফোনটো উঠাবলৈ লওতেই গাঁতত পৰি যায় আৰু গাঁতটোত অগ্নিদগ্ধ হৈ মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয়।
কিছু সময়ৰ পাছতে আৰক্ষীক স্থানীয় লোকে খবৰ দিয়ে। খবৰৰ ভিত্তিত চান্দমাৰী আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। লগে লগে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।