নিউজ ডেস্ক: গুৱাহাটীত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি । গুৱাহাটীৰ খাৰঘুলি অঞ্চলত গেমন জেআইচিএ পানী যোগানৰ মেইনলাইন পাইপৰ ভয়ংকৰ বিস্ফোৰণ ।
জানিব পৰা মতে,পাইপৰ পানী বিস্ফোৰিত হৈ উপৰলৈ উঠি অহাৰ ফলত এফালৰ পৰা ভাঙি নিয়ে কেইবাটাও ঘৰ লগতে ৰাজপথেৰে গৈ থকা কেইবাখনো বাহনৰো ক্ষতি কৰে।

এই ঘটনাৰ ফলত সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ লগতে আন এগৰাকী মহিলা নিহত হয় আৰু আন বহুলোক আহত হয়। সুমিত্ৰা পানীৰ প্ৰবাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এটা ঘৰৰ বাসিন্দা আছিল।
এই পৰ্যন্ত ৪০ টাকৈ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এই পৰ্যন্ত ৩০ জন লোক আহত হৈছে।
এই ঘটনাৰ পাছতে অঞ্চলটোত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।