মৰিগাঁও : মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা। কলং নৈত জাপ দি মহিলাৰ আত্মহত্যা। এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।

ৰাজ্যৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাৰ সময়তে এগৰাকী মহিলাই নৈত জাঁপ দি আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। মৰিয়া জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

মৰিগাঁৱৰ তেলাহী দলংৰ পৰা কলং নৈত জাঁপ এগৰাকী মহিলাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনীৰ লোক উপস্থিত হৈ মহিলা গৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

লগতে পঢ়ক –  ধুবুৰী আৰক্ষীৰ জালত গব্বৰ সিঙ

মহিলা গৰাকীৰ পৰিচয় আৰু কিয় মহিলা গৰাকীয়ে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,385 other subscribers

Leave a comment

Leave a Reply Cancel reply