নিউজ ডেস্ক: হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতি কিছু পৰিমাণে শান্ত হোৱাৰ পিছতে ইম্ফলত অচিনাক্ত দুৰ্বৃত্তই এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে।
ইম্ফলৰ এখন বিদ্যালয়ৰ বাহিৰত ৬ জুলাইত সংঘটিত হয় এই ঘটনা। ইম্ফল পশ্চিম জিলাৰ শিশু নিষ্ঠা নিকেতন বিদ্যালয়ৰ বাহিৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ৫ জুলাইৰ পৰা সমগ্ৰ মণিপুৰৰ বিদ্যালয় খোলাৰ মাত্ৰ এদিন পিছতে সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।