নিউজ ডেস্ক- পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত এক উত্তেজিত ঘটনা সংঘটিত হয়। দেওবাৰে সন্ধিয়া আৰ্টিঙৰ পৰা ৩ কিলোমিটাৰ নিলগৰ নিংক্ৰেং গাঁৱত মেঘালয়ৰ পৰা অহা দুষ্কৃতিকাৰীয়ে বাছাপি এংলেংপি নামৰ এগৰাকী বিধৱা মহিলাৰ ঘৰ জ্বলাই দিয়ে।
গাঁওবাসীয়ে জনোৱা মতে, ঘৰটো সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ ফলত মহিলাগৰাকীক অন্য এটা ঘৰলৈ স্থানান্তৰ কৰা হয়।আৰ্টিং কোৱাৰ্টজাইট শিলৰ কুৱেৰীত থকা এজন শ্ৰমিকৰ ঘৰো জ্বলি যোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।
আনহাতে, স্বায়ত্তশাসিত পৰিষদৰ ছ’চেং সদস্য হেডছিং ৰংফাৰে অঞ্চলটো ভ্ৰমণৰ সময়ত কয়, ‘পশ্চিম কাৰ্বি আংলঙৰ ভূখণ্ডৰ অন্তৰ্গত নিংক্ৰেঙত মেঘালয়ৰ পৰা অহা দুষ্কৃতিকাৰীয়ে এটা ঘৰ জ্বলাই দিছে। এনে অবৈধ কাৰ্যৰ বাবে দোষীক তীব্ৰ গৰিহণা দিলোঁ।’

লগতে, পৰিয়ালৰ লোকক তাৎক্ষণিকভাৱে সকাহ দিয়া বুলি ৰংফাৰে জানিবলৈ দিয়ে। ইফালে কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যসকলে ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ সহায় আগবঢ়ায়।