নিউজ ডেস্ক: ৰাজ্যিক নিয়োগ পৰিষদৰ অধীনত তৃতীয়-চতুর্থ বৰ্গৰ পদৰ পদৰ বাবে বাছনি হোৱা প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ। বাছনি হোৱা প্ৰাৰ্থী সকলে নিজ গৃহ নতুবা চুবুৰীয়া জিলাতেই লাভ কৰিব নিযুক্তি।

ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ আজিৰ এক অফিচ মেম’ৰেণ্ডাম অনুসৰি বিশেষকৈ বাছনিকৃত সকলো মহিলা প্রার্থী আৰু বিশেষভাৱে সক্ষম লোক সকলে নিজ জিলাতেই লাভ কৰিব নিযুক্তি।

ইফালে বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলেও বৰাক উপত্যকাতেই লাভ কৰিব নিযুক্তি।

ইয়াৰ বিপৰীতে অন্য উত্তীৰ্ণ প্ৰাৰ্থী সকলক পদ সাপেক্ষে গৃহ জিলা নতুবা চুবুৰীয়া জিলাত লাভ কৰিব নিযুক্তি। যদি দুয়োটা জিলাতেই পদ সাপেক্ষে খালি নাথাকে তেতিয়া হ’লে একেবাৰে নিকতৱৰ্তী জিলাতেই লাভ কৰিব নিযুক্তি।

উল্লেখ্য যে, নিযুক্তি প্ৰক্ৰিয়াৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত কিবা অসুবিধা হ’লে সংশ্লিষ্ট বিভাগসমূহক তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ কোৱা হৈছে। সকলোবোৰ বাছনিকৃত প্ৰাৰ্থীৰ নিযুক্তিৰ চূড়ান্ত তালিকা ৯ মে’ত প্ৰকাশ পাব বুলি ইতিমধ্যেই জনোৱা হৈছে।

লগতে পঢ়ক – অ’লাই গ্ৰাহকক ঘূৰাই দিব ১৩০ কোটি টকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply