গুৱাহাটী : পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এবিধ পক্ষী যাৰ অস্তিত্ব এতিয়া মহা সংকটত। পৃথিৱীখন সকলো জীৱৰ বাবে উপযোগী কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এইবিধ পক্ষী আজি ক্ৰমাৎ পৃথিৱীৰ বুকুৰ পৰা বিলুপ্ত হোৱাৰ পথত।

প্ৰকৃতিৰ জামাদাৰস্বৰূপে জনাজাত শগুণ। ৯০ দশকত এবিধ বিশেষ ঔষধে কাল নমাই আনিছিল শগুণৰ জীৱনলৈ। গৰুৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা এইবিধ ঔষধৰ বাবেই মাত্ৰ দুটা দশকৰ ভিতৰত ভাৰতৰ ৯৯ শতাংশ শগুণৰ মৃত্যু ঘটিছে। মৰা জীৱ-জন্তু আৰু গেলা-পচা বস্তু খাই পৃথিৱীৰ পৰিৱেশ পৰিষ্কাৰ আৰু সংৰক্ষণ কৰি ৰাখে শগুণে।

মৰাশ খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাই নহয়, পৃথিৱীখনক বিভিন্ন ধৰণৰ মাৰাত্মক বীজাণুৰ পৰাও মুক্ত কৰি ৰাখে শগুণে। শগুণৰ অবিহনে এখন ৰোগমুক্ত পৃথিৱীৰ কল্পনাই কৰা অসম্ভৱ। পৃথিৱীৰ বুকুত জীৱকুল জীয়াই থকাৰ বাবে পৰিৱেশতন্ত্ৰক সুস্থ কৰি ৰখাত আৰু ৰোগৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে শগুণে।

ভাৰতত শগুণৰ ৯ টাকৈ প্ৰজাতি আছে আৰু ইয়াৰে ৬ টা প্ৰজাত পোৱা যায় অসমত। অসমৰ এই ৬ টা শগুণৰ প্ৰজাতিৰ ভিতৰত ৪ টা প্ৰজাতি নিঃশেষ হোৱাৰ পথত। গুৱাহাটীৰ ৰাণীস্থিত শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰত শগুণৰ দুটাকৈ প্ৰজাতিৰ প্ৰজনন দ্বাৰা বংশবৃদ্ধি কৰাৰ চেষ্টা চলাই আছে। ইতিমধ্যে এই কেন্দ্ৰত শগুণৰ দুটা প্ৰজাতিৰ ৫০ টাকৈ শগুণৰ সফলতাৰে বংশবৃদ্ধি কৰা হৈছে।

বিষক্ৰিয়াই হৈছে শগুণৰ বিলুপ্তিৰ মূল কাৰণ। চলিত বৰ্ষৰ মাৰ্চ মাহত কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত বিষক্ৰিয়াৰ ফলত ১২৪ টাকৈ শগুণৰ মৃত্যু হৈছিল। এটা কুকুৰৰ বিষাক্ত মৃতদেহ ভক্ষণ কৰাৰ পিছতে মৃত্যুৰ মুখত পৰিছিল ১২৪ টাকৈ শগুণ। মৃত্যু হোৱা শগুণবোৰ হিমালয়ান গ্ৰীফন প্ৰজাতিৰ আছিল। যোৱা বছৰ তিনিচুকীয়া জিলাতো বিষাক্ত গৰুৰ মৃতদেহ ভক্ষণ কৰি কমে ৫৬ টা শগুণৰ মৃত্যু হৈছিল।

লগতে পঢ়ক –   কোৰোনাত আক্ৰান্ত বলিউডৰ অভিনেতা কাৰ্তিক আৰয়ান

৮০ ৰ দশকত চাৰি কোটিতকৈও অধিক শগুণ থকা ভাৰতত এতিয়া মাত্ৰ চাৰি লাখ শগুণহে আছে। ভাৰতীয় শগুণৰ প্ৰজাতিটো ভাৰত, পাকিস্তান আৰু নেপালৰ থলুৱা। ২০০২ চনৰ পৰা ইয়াৰ জনসংখ্যা গুৰুতৰভাৱে হ্ৰাস পোৱাৰ বাবে ইয়াক আই ইউ চি এনৰ ৰঙা তালিকাত সংকটজনকভাৱে বিপন্ন হিচাপে তালিকাভুক্ত কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply