নিউজ ডেস্ক: সোমবাৰে বিশ্বৰ জনসংখ্যাই আঠশ কোটি অতিক্ৰম কৰে। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৪৮ বছৰত পৃথিৱীৰ জনসংখ্যা দুগুণ হৈছে! ১৯৭৪ চনত পৃথিৱীৰ জনসংখ্যা আছিল চাৰিশ কোটি।
আনহাতে আগন্তুক বছৰত জনসংখ্যাৰ হিচাপত ভাৰতে চীনক পিছ পেলাব পাৰে। ২০২৩ চনত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হ’ব পাৰে ভাৰত। ৰাষ্ট্ৰসংঘৰ ৱর্ল্ড পপুলেছন প্রছপেক্টছতো জনাইছে সেই কথা । প্রসংগত, সম্প্ৰতি চীন আৰু ভাৰতৰ জনসংখ্যা যথাক্রমে ১৪২.৬ ও ১৪১.৭ কোটি ।
জনসংখ্যা বৃদ্ধিৰ হাৰ প্রবলভাৱে বিগত কিছু দশকত বৃদ্ধি পালেও এইবাৰ সেই গতি স্থিমিত হ’ব বুলি ইংগিত পোৱা গৈছে বিভিন্ন সমীক্ষাত । পর্যৱেক্ষণত প্রকাশ, এইবাৰ কমিব জন্মহাৰ । অৱশ্যে ২১০০ হোৱাৰ বহু পূৰ্বে বিশ্বত হেজাৰ কোটি লোক হ’ব । লগতে ইংগিত, পৃথিৱীত আৰু এশ কোটি লোক বৃদ্ধি হ’বলৈ আৰু ১৫ বছৰ লাগিব পাৰে । ২০৩৭ত পৃথিৱীৰ জনসংখ্যা ৯০০ কোটিৰো অধিক হ’ব পাৰে ।
পর্যবেক্ষণত প্ৰকাশ, মাজভাগত জন্মহাৰ অধিক আৰু মৃত্যুহাৰ কিছু কম আছিল । আগন্তুক বছৰবোৰত মৃত্যুহাৰত সিমান পাৰ্থক্য নাথাকিলেও জন্মহাৰ কমাৰ ফলতেই পৃথিৱীত মানুহৰ সংখ্যা এটা নির্দিষ্ট হাৰত বৃদ্ধিৰ সম্ভাৱনা । অৱশ্যে দ্রুত জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিৰ ফলত পৃথিৱীত মানুহৰ গড় বয়সৰ অংকও বাঢ়িছে । ১৯৭৪ত যি ২০-ৰ ওচৰা-ওচৰি আছিল সম্প্ৰতি সেয়া ৩০-ৰ আশে-পাশে হৈছে ।
সমীক্ষা আৰু পর্যৱেক্ষণৰ ইংগিত, ২০৮৬ত বিশ্বৰ জনসংখ্যা হ’ব পাৰে প্ৰায় ১০৫০ কোটি ।
লগতে পঢ়ক – মহানগৰীত মটৰ সংযোগী ৰিক্সাৰ চলাচল বন্ধ কৰিব পৌৰনিগমে