নিউজ ডেস্ক: শাম কটা নাই দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ। ইতিমধ্যে দিল্লী আৰক্ষীয়ে ভাৰতীয় মল্লযুঁজ সংস্থাৰ সভাপতি ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। কিন্তু দিল্লী আৰক্ষীৰ তদন্তত সন্তুষ্ট নহয় দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকল। যাৰবাবে তেওঁলোকে শনিবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বাসগৃহত শনিবাৰে অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। নিশা ১১ বজাৰ পৰা প্ৰতিবাদী মল্লযুঁজাৰুসকলে শ্বাহৰ সৈতে বৈঠকত মিলিত হয়। তদন্তৰ গতিত অসন্তুষ্ট মল্লযুঁজাৰুসকলে ব্ৰিজভূষণৰ বিৰুদ্ধে দ্ৰুত অভিযোগনামা দাখিলৰ দাবী কৰে।

মল্লযুঁজাৰুসকলক গৃহমন্ত্ৰীগৰাকীয়ে আশ্বাস দি কয় যে আইন আইনৰ পথেৰে আগবাঢ়িব। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুসকলক আশ্বাস দিছিল যে সকলো অভিযোগৰ তদন্ত স্বচ্ছতাৰে কৰা হ’ব।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply