নিউজ ডেস্ক: শাম কটা নাই মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে। এই বিশেষ দিনটোত নতুন সংসদ ভৱনৰ বাহিৰত ভাইৰেল হোৱা ছবি আৰু ভিডিঅ’ দেখি বহুতে স্তম্ভিত হৈ পৰে।

মল্লযুঁজাৰুসকলে জন্তৰ-মন্তৰৰ পৰা নতুন সংসদ ভৱনৰ দিশে পদযাত্ৰা কৰি সৰ্বভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ শৰণ সিঙক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল। কিন্তু দিল্লী আৰক্ষীয়ে তেওঁলোকক টানি আজুৰি আটক কৰে। বাটটো বেৰিকেড দি বন্ধ কৰি দিয়া হয়।

টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই তীব্ৰ ক্ষোভ উজাৰি এই সন্দৰ্ভত টুইট কৰে। তেওঁ লিখিছে, ‘এয়া দেখি দুখ লাগিল। পৰিস্থিতিটো বেলেগ ধৰণে চম্ভালিব পৰা গ’লহেঁতেন৷’

উল্লেখ্য যে যোৱা ২৩ এপ্ৰিলৰ পৰা জন্তৰ মন্তৰত ব্রিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে দেশৰ শীর্ষ মল্লযুঁজাৰুসকল৷ ভিনেশ ফোগাট, সাক্ষী মালিক, বজৰং পুনিয়াই যৌন নিৰ্যাতনৰ অপৰাধত শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply