গুৱাহাটী : যােগ সঞ্জীৱনীৰ জৰিয়তে সুস্বাস্থ্য ৰক্ষাৰ উদ্দেশ্যে শনিবাৰে যােগ গুৰুকল অসনে অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ সহযােগত গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সজাগতা সভাৰ আয়ােজন কৰে। অনুষ্ঠানত শাৰিৰীক তথা মানসিক স্বাস্থ্যৰ সঠিক যতনৰ দ্বাৰা সুন্দৰ জীৱনশৈলীৰ বাবে যােগাভ্যাসৰ প্ৰয়ােজনীয়তা সম্পর্কে অবগত কৰি যােগ গুৰুকুল অসমৰ কর্মকর্তাসকলে বহুকেইটা প্রাথমিক যােগ আৰু প্ৰাণায়মৰ অভ্যাস কৰােৱায়।

আয়ুর্বেদিক চিকিৎসক ডা” জয়ন্ত বর্মনে ঔষধি গুণসম্পন্ন উদ্ভিদৰ ব্যৱহাৰ কৰি ঘৰতে ৰােগ নিৰাময় ক্ৰাৰ বাবে ঔষধি গুণসম্পন্ন উদ্ভিদ সম্পর্কে আলােচনা কৰে আৰু পার্শ্বক্রিয়াহীন আয়ুর্বেদিক চিকিৎসা অবলম্বন কৰিবলৈ আহ্বান জনায়। সভাত অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ অধ্যক্ষ সীমান্ত শেখৰে অংশগ্রহণ কৰি সকলােকে যােগ্যভ্যাস গঢ়ি তুলি সুস্বাস্থ্যৰ গৰাকী হ’বলৈ আহ্বান জনায়।

লগতে পঢ়ক –  ৫০ সংখ্যক কেবিনেট বৈঠকঃ গ্ৰহণ কৰা হৈছে ৬০০ সিদ্ধান্ত, পঢ়ক সবিশেষ

ডাঃ হিমাংশু বুজৰবৰুৱাই আঁত ধৰা এই সজাগতা সভাত যােগ গুৰুকুলৰ উপদেষ্টা তথা বি. বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মনােজ কুমাৰ দাস, আয়ুর্বেদিক চিকিৎসক ডাঃ দিপাংকৰ সাহা, যােগ শিক্ষক মৃত্যুঞ্জয় ৰজক, চলচ্চিত্র পৰিচালক চন্দ্র মুদৈ, বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱাকে প্রমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সজাগতা সভাখনৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক কর্মীসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰাে ব্যৱস্থা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply