আমিনগাঁও : অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ আয়ুষ সঞ্চালকালয়ৰ উদ্যোগত জিলা আৰু ৰাজ্যিক পৰ্যায়ত মুঠ ৪ টা শাখাত যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বয়স অনুসৰি ৪ টা শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ শাখা কেইটা হ’ল ক্ৰমে প্ৰথম শাখা ১০ বছৰ বয়সলৈ, দ্বিতীয় শাখা ১০ ৰ পৰা ১৮ বছৰ বয়সলৈ, তৃতীয় শাখা ১৮ ৰ পৰা ৩৫ বছৰ বয়সলৈ আৰু চতুৰ্থ শাখা হ’ল ৩৫ বছৰৰ ওপৰৰ পুৰুষ অথবা মহিলা উভয়ৰ।
জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ প্ৰতিযোগী সকলৰ শ্ৰেষ্ঠ প্ৰতিযোগী গৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিব। ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। এই উপলক্ষে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত তথা ইণ্ডিয়ান যোগ কালচাৰ এণ্ড যোগ থেৰাপি চেন্টাৰৰ সহযোগত অহা ১৫ জুনত ৰাতিপুৱা ৯ বজাত আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যলয় চৌহদত এখন জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
এই প্ৰতিযোগিতা আটাইকেইটা বয়সৰ শাখাৰ বাবে অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে মুকলি থাকিব। প্ৰতিযোগিতাৰ আটাইকেটা শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী কেইগৰাকীয়ে ৰাজ্যিক পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত যোগদানৰ অৰ্হতা অৰ্জন কৰিব। জিলা উপায়ুক্ত কাৰ্যালয় চৌদহত এই প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে নাম পঞ্জীয়ন ১৪ জুনৰ বিয়লি ৪ বজালৈ চলি থাকিব।
লগতে পঢ়ক – বিজনীত ভয়ংকৰ পথ দুর্ঘটনাত নিহত এজন যুৱক
ইচ্ছুক প্ৰতিযোগী সকলে নাম পঞ্জীয়নকে ধৰি সবিশেষ জনাৰ বাবে ৮৬৩৮০৪৫৩৮৬ আৰু ৮০১১১০২৭৭২ নম্বৰত যোগাযোগ কৰিব পাৰিব। উল্লেখ্য যে দেশ তথা ৰাজ্যৰ আন ঠাইৰ লগতে কামৰূপ জিলাটো অহা ২১ জুনত আন্তঃৰ্জাতিক যোগ দিৱস পালন কৰা হ’ব। অহা ২১ জুনত কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত জিলাৰ যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ উপৰি ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত মহকুমা পৰ্যায় আৰু আইক’নিক তথা হেৰিটেজ স্থান হিচাপে ছয়গাওঁৰ চণ্ডিকা দেৱালয় আৰু কৰৰাৰ সমীপৰ পিঙ্গলেশ্বৰ দেৱালয় চৌহদত এই কাৰ্যসূচী অনুস্থিত হ’ব।