গুৱাহাটী : এটা স্বাস্থ্যসন্মত দিন আৰম্ভ হয় এক সুস্থ যোগাসন আৰু এগিলাচ পুষ্টিকৰ গাখীৰৰ সৈতে। ২১ জুনত আন্তৰ্জাতিক যোগ দিৱসৰ দিনা গুৱাহাটীস্থিত পূৰবী ডেইৰীয়ে সকলোকে সুস্থ জীৱন শৈলীৰ অংশ হিচাপে যোগক আকোৱালি ল’বলৈ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যৰে যোগাসনৰ অনুষ্ঠান আয়োজন কৰে।

গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত পূৰবী ডেইৰীৰ প্ৰকল্পৰ লগতে বৰপেটা আৰু মৰিগাঁৱৰ কেন্দ্ৰত প্ৰায় এশজন অংশগ্ৰহণকাৰীয়ে বিশেষ যোগাসনৰ অনুষ্ঠানত একত্ৰিত হয়। বৰপেটাৰ কামধেনু দাছৰ পৰা প্ৰায় ১৫ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে আন ২৫ গৰাকী অংশগ্ৰহণকাৰীয়ে মৰিগাঁৱৰ কপিলী দাছত যোগৰ অনুশীলন কৰে।

পূৰবী ডেইৰী ব্ৰেণ্ডৰ বাবে জনপ্ৰিয় পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে সুস্থ জীৱন শৈলীৰ প্ৰসাৰৰ উদ্দেশ্যে যোগ অনুষ্ঠানৰ আয়োজন কৰে। যোগাসনৰ পিছত এই অনুষ্ঠানত গাখীৰ বিতৰণ কৰা হয় যিয়ে এটা পুষ্টিকৰ দিন সম্পূৰ্ণ কৰি তোলে। এই অনুষ্ঠান উপলক্ষে বিগত কেইসপ্তাহমান ধৰি সুস্থ শৰীৰ তথা মনৰ বাবে যোগাসন আৰু গাখীৰৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ এক অনন্য আকৰ্ষণীয় ৰেডিঅ’ অভিযানেৰে পূৰবী ডেইৰীয়ে গ্ৰহণ কৰিছিল এক প্ৰশংসনীয় পদক্ষেপ।

যোগ প্ৰশিক্ষক শচীন কুমাৰ নাথে অনুষ্ঠানটো পৰিচালনা কৰাৰ লগতে পূৰবী ডেইৰীৰ কৰ্মকৰ্তা আৰু সহযোগীসকলক মৌলিক আসনসমূহ শিকাত সহায় কৰে। এইবছৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অষ্টম সংস্কৰণ “মানৱতাৰ বাবে যোগ” শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা হয়। ২১ জুন, ২০২২ ত ভাৰত আৰু সমগ্ৰ বিশ্বতে আয়োজিত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২২ৰ বাবে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে এই বিষয়বস্তু গ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply