পাঠশালা : পাঠশালাত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যুৱকজনক পত্নীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। যুৱকজনৰ পত্নীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
শুকুৰবাৰে নিশা পাঠশালাত এজন যুৱকৰ মৃত্যুকলৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। যুৱকজনৰ পৰিয়ালৰ লোকে যুৱকজনৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে। যুৱকজনৰ হত্যাৰ লগত যুৱকজনৰ পত্নী জড়িত বুলিও পৰিয়ালৰ লোকে মন্তব্য প্ৰকাশ কৰে। নিহত যুৱকজনৰ নাম মৃণাল কলিতা বুলি জানিব পৰা গৈছে।
মৃণাল কলিতা এজন ই-ৰিক্সা চালক। পাঠশালাৰ জ্যোতিনগৰৰ নিবাসী মৃণাল কলিতাক শুকুৰবাৰে নিশাৰ ভাগত স্থানীয় একাংশ যুৱকে ঘৰত অচেতন অৱস্থাত উদ্ধাৰ কৰে। যুৱক কেইজনে ততাতৈয়াকৈ মৃণাল কলিতাক পাঠশালা ছহিদ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাকে মৃণাল কলিতাক মৃত বুলি ঘোষণা কৰে।
ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা দল মৃণাল কলিতাৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে নিশাই মৃণাল কলিতাৰ পত্নী পূৰ্ণিমা কলিতাক আটক কৰি জেৰা চলায়। মৃণাল কলিতাৰ পৰিয়ালৰ লোকে অভিযোগ কৰে যে পূৰ্ণিমা কলিতাই এই হত্যাকাণ্ড সংঘটিত কৰিছে। স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।
লগতে পঢ়ক – ১০২ খন শিক্ষানুষ্ঠানলৈ কৈফিয়ৎ তলব শিক্ষা বিভাগৰ
মৃত মৃণাল কলিতাৰ শৰীৰত আঘাতৰ চিন পোৱা গৈছে। মৃণাল কলিতা আৰু পূৰ্ণিমা কলিতাৰ এগৰাকী ৭ বছৰীয়া কন্যা সন্তান আছে। আৰক্ষীয়ে মৃণাল কলিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতে পোহৰলৈ আহিব যে এইয়া হত্যাকাণ্ড নে আন কোনো কাৰণত মৃণাল কলিতাৰ মৃত্যু হৈছে।