হাটশিঙিমাৰী : শান্তিপুৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। হত্যা কৰি যুৱকজনক পানীত পেলাই দিয়াৰ সন্দেহ। আৰক্ষীৰ তদন্ত অব্যাহত।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দেওবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। হাটশিঙিমাৰীৰ শান্তিপুৰত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। যুৱকজন শান্তিপুৰ গাঁৱৰ আনোৱাৰ মিস্ত্ৰীৰ পুত্ৰ মফিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক – Horoscope:আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

পানীত ওপঙি থকা অৱস্থাত পুৱা গাঁওখনৰ ৰাইজে এটা মৃতদেহ প্ৰত্যক্ষ কৰি সুখচৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত মৃতদেহটো মফিদুল ইছলাম বুলি চিনাক্ত কৰা হয়। হত্যা কৰি যুৱকজনক পানীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply