গুৱাহাটী : গুৱাহাটী মহানগৰীত অঘটন। অনিল নগৰৰ নলাত সোমাল এজন লোক। ভৰলু নৈত দলংৰ তলত সোমাই যায় লোকজন। স্থানীয় ৰাইজৰ উদ্ধাৰ অভিযান আৰম্ভ।
সোমবাৰে পুৱাৰ ভাগত মহানগৰীৰ অনিল নগৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। অনিল নগৰৰ নলাত এজন লোক সুমাই যোৱাত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে এজন লোক নিজে নলাত জাপ দিয়ে। ইয়াৰ পিছত স্থানীয় ৰাইজে লোকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও লোকজন আৰু অধিক ভিতৰৰ ফালে সোমাই যায়।
পৰৱৰ্তী সময়ত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী, এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ লোক আহি উদ্ধাৰ অভিযান চলায়। অৱশেষত দীর্ঘ সময় ধৰি চেষ্টা চলাই লোকজনক উদ্ধাৰ কৰা হয়।