গুৱাহাটী : দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলক পবিত্ৰ ঈদ। ঈদৰ উখল মাখল পৰিৱেশৰ মাজতে গুৱাহাটী মহানগৰীত প্ৰাণ হেৰুৱালে বৰপেটা জিলাৰ এজন যুৱক। শুকুৰবাৰে নিশা প্ৰায় ৯ মান বজাত ঈদৰ দুদিন পূৰ্বে প্ৰাণ হেৰুৱালে চানিদুল আলী নামৰ বৰপেটাৰ যুৱকজন।

ঈদ উপলক্ষে শনিবাৰে পুৱাই বৰপেটাৰ পালহাজিৰ ঘৰলৈ যোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল চানিদুল আলী। কিন্তু শুকুৰবাৰে নিশাৰ ভাগত এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হ’ল চানিদুল আলী। কাহিলিপাৰা দক্ষিণগাঁৱৰ ৰাজপথত শেষ নিশ্বাস ত্যাগ কৰিলে চানিদুল আলী নামৰ যুৱকজন।

এএছ-০১-এলচি-৮৯৮৫ নম্বৰৰ মিনি ট্ৰাকেৰে কাহিলিপাৰাৰ পৰা দক্ষিণগাঁও অভিমুখে আহি থকা অৱস্থাত দুর্ঘটনাত পতিত হৈ থিতাতে নিহত হয় যুৱকজন। নিশা তীব্ৰ বেগেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে বাহনখন। ফলত চানিদুল আলী থিতাতে নিহত হোৱাৰ লগতে আহত হয় বাহনখনৰ চালকজন।

লগতে পঢ়ক –Horoscope:আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

দুর্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ বাহনখনৰ চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।নিহত যুৱকজনৰ মৃতদেহ মাৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়।হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দুর্ঘটনাত যুৱকজনৰ মৃত্যু হোৱা ঘটনাই দক্ষিণগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply