বৰপেটা : বৰপেটাত চাঞ্চল্যকৰ ঘটনা। বৰপেটাত এজন যুৱকৰ চৰম সিদ্ধান্ত। বৰপেটাত চীপলৈ আত্মহত্যা কৰিলে এজন যুৱকে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।
বৰপেটা জিলাৰ বৰপেটা ৰোডত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বৰপেটা ৰোডত এজন যুৱকে চৰম সিদ্ধান্ত গ্ৰহণ কৰি চীপলৈ আত্মহত্যা কৰে। আত্মহত্যা কৰা যুৱকজনৰ নাম অসীম আচাৰ্য বুলি জানিব পৰা গৈছে।
বৰপেটা ৰোডৰ ৯ নং ৱাৰ্ডৰ বাসিন্ধা অসীম আচাৰ্য নামৰ যুৱকজন নিজৰ ঘৰত চীপ লৈ আত্মহত্যা কৰে। যুৱকজনৰ চুবুৰীয়াই পুৱাৰ ভাগত যুৱকজনে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে। চুবৰীয়াৰ কেইজনমান লোকে যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকৰে মৃত ঘোষণা কৰে।
লগতে পঢ়ক – ৰাজ্যৰ ৩০ খন জিলাৰ ৪৫ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত
ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যুৱকজন তিনি বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল। আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই।