নিউজ ডেস্ক: তিনিচুকীয়াৰ দহোতীয়া চুকত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ হিচাপে বৃহস্পতিবাৰে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত উপস্থিত নাথাকিল এজনো নিমন্ত্ৰিত শিল্পী। নিমন্ত্ৰিত শিল্পী সকলৰ ভিতৰত আছিল জুবিন গাৰ্গ, নীল আকাশৰ লগতে কেকে–মোহনৰ।

অনুষ্ঠানটোত উপভোগ কৰিবলৈ অহা হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিছিল। কিন্তু কমিটীয়ে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানৰ পূৰ্বে বাতিল হোৱা বুলি ঘোষণা কৰে।

ইয়াৰ পিছতেই একাংশ লোকে নিৰাশ মনেৰে ঘৰলৈ উভতে। আকৌ আন একাংশয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰে।

একাংশ লোকৰ অভিযোগ অনুসৰি কোনো আগতীয়াকৈ আগধন আদায় নকৰাৰ বাবে অনুষ্ঠানত উপস্থিত নাথাকে এজনো শিল্পী। ইফালে, আন একাংশয়ে জনোৱা অনুসৰি কোনো ধৰণৰ চুক্তিবদ্ধ নকৰাকৈয়ে বিহু কমিটীৰ লোকে অঞ্চলটোত ভুৱা প্ৰচাৰ চলাই আছিল।

পিছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কমিটীয়ে কিয় বাতিল কৰিলে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান। কিন্তু নিমন্ত্ৰিত সকলো শিল্পী একেলগেই উপস্থিত নথকাটো বিষয়টো এতিয়া কমিটীৰে যে সকলো দোষ সেইয়া একাংশ দৰ্শকে সন্দেহ কৰিছে।

লগতে পঢ়ক – অ’লাই গ্ৰাহকক ঘূৰাই দিব ১৩০ কোটি টকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply