ৰাইজৰ মতামতক গুৰুত্ব প্ৰদান কৰি বিজেপিয়ে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ

গুৱাহাটী – দৃশ্য শ্ৰাব্য বাহনে সমষ্টিয়ে সমষ্টিয়ে ঘূৰি ৰাইজৰ মতামত গ্ৰহণ কৰিব। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত থাকিব ৰাইজৰ মতামত। আগন্তক বিধানসভা নিৰ্বাচনত ৰাইজৰ মতামতক গুৰুত্ব প্ৰদান কৰি বিজেপিয়ে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্ধোধন কৰিলে ৰাইজৰ মতামত গ্ৰহণ কৰা দৃশ্য শ্ৰাব্য বাহনৰ।

অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত। এফালে যদি বিৰোধী দল কংগ্ৰেছে বিজেপিক শাসনৰ গাদীৰ আঁতৰাই ৰাখিবলৈ মহাজোঁট বন্ধন গঢ়ি তুলিছে আনফালে বিটিচি আৰু তিৱা পৰিষদীয় নিৰ্বাচনত ভাল ফলাফল লাভ কৰি বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী পুনৰবাৰ শাসনলৈ আহিব বুলি।

ইয়াৰ মাজতো বিধানসভা নিৰ্বাচনলৈ বিজেপিয়ে চলাই গৈছে পূৰ্ণ প্ৰস্তুতি। এইবাৰ অসম বিধানসভা নিৰ্বাচনকলৈ বিজেপি দলে যিখন নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিব তথা প্ৰাধান্য দিয়া হ’ব ৰাইজৰ মতামতক। ৰাইজৰ মতামতক প্ৰাধান্য দিয়া উদ্দেশ্যে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ পূৰ্বে ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে বিজেপিয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।

ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে মেলি দিছে বিশেষ বাহন। দৃশ্য শ্ৰাব্য বাহনে ৰাজ্যৰ প্ৰতিটো সমষ্টিত ঘূৰি ৰাইজৰ মতামত গ্ৰহণ কৰিব। এই বিশেষ বাহনখনত থাকিব এক ডকুমেণ্টেৰী য’ত চলি থাকিব বিজেপিৰ মিত্ৰজোঁট চৰকাৰখনে যোৱা পাঁচটা বছৰত কৰা কামৰ খতিয়ান৷

বুধবাৰে এই বিশেষ বাহনৰ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বাহনখনৰ ষ্টিয়েৰিঙত বহি মুখ্যমন্ত্ৰীয়ে বাহনখনৰ উদ্ধোধন কৰে। ইতিমধ্যে ৪৮ খনকৈ এই বিশেষ বাহনখন সমষ্টিয়ে সমষ্টিয়ে ৰাওনা কৰিছে বিজেপিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply