বিশ্বনাথ – বিহালী সমষ্টিত লাগে কংগ্ৰেছৰ প্ৰাৰ্থী। মিত্ৰজোঁটৰ বাবে কংগ্ৰেছ দলে চিপিআই (এম)ক বিহালী সমষ্টি এৰি দিয়াৰ খবৰে ক্ষোভিত কৰি তুলিছে কংগ্ৰেছ কর্মীক। প্ৰতিবাদত নামি কংগ্ৰেছ কৰ্মীয়ে দাহ কৰিলে সভাপতিৰ প্ৰতিমূৰ্তি। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদান নকৰিলে দল ত্যাগৰ হুংকাৰ ক্ষোভিত কংগ্ৰেছ কৰ্মীৰ।

ৰাজ্যত গৰম নিৰ্বাচনী বতাহ বলি থকাৰ মাজতে ৰাজনৈতিক পৰিৱেশ অধিক উত্তাল কৰি তুলিছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতে। এফালে যদি চলিছে শাসকীয় বিজেপি আৰু অসম গণ পৰিষদৰ মাজত প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত, আনফালে একে অৱস্থা কংগ্ৰেছ মহাজোঁটৰ মাজত।

সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতে টোপনি হৰণ কৰিছে ৰাজনৈতিক দল সমূহৰ নেতৃত্বৰ। কৰবাত যদি ক্ষোভিত বিজেপিৰ কর্মী, কৰবাত আসন বুজাবুজিকলৈ সন্তুষ্ট নহয় অগপৰ কর্মী। কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ কর্মী সকলৰ মাজতো দেখিবলৈ পোৱা গৈছে ক্ষোভ।

কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ ফলত কংগ্ৰেছ দলে বহু আসন এৰি দিব লাগিব মহাজোঁটৰ দল সমূহক। বর্তমানলৈকে মহাজোঁটৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱা নাই যদিও প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত গা কৰি উঠিছে কংগ্ৰেছত। বিহালীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা যায় বৃহস্পতিবাৰে নিশাৰ ভাগত।

বিহালী সমষ্টিৰ মজদুৰ কংগ্ৰেছ, বিহালী যুৱ কংগ্ৰেছ, বিহালী মণ্ডল কংগ্ৰেছ আৰু বাঘমৰা মণ্ডল কংগ্ৰেছসহ বিহালী সমষ্টিৰ অন্তৰ্গত ১৭ টাকৈ পঞ্চায়তৰ কংগ্ৰেছ কৰ্মীয়ে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। বিহালী সমষ্টিত চিপিআই (এম)ক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ খবৰে ক্ষোভিত কৰি তোলে কংগ্ৰেছ কর্মী সকলক।

মিত্ৰজোঁটৰ ফালৰ পৰা বিহালী সমষ্টিত চিপিআই (এম)ৰ প্ৰাৰ্থীক নিৰ্বাচন খেলাৰ বাবে টিকট প্ৰদানৰ নিশ্চিত কৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে। প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলে কংগ্ৰেছৰ টিকট দাবীদাৰ প্ৰেমলাল গঞ্জুক শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ ভিতৰত টিকট প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কংগ্ৰেছৰ কৰ্মী সকলে পদত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply